
প্ৰসিদ্ধ কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ শুকুৰবাৰে নিশা কাৰ্ডিয়েক এৰেষ্টৰ (Cardiac Arrest) কাৰণে মুম্বাইত মৃত্যু হয়। উশাহ লোৱাত অসুবিধাৰ কাৰণে যোৱা ১৭জুনত তেওঁক মুম্বাইৰ বান্দ্ৰাস্থিত গুৰু নানক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শুকুৰবাৰে নিশা প্ৰায় ১.৫২ বজাত হৃদক্ৰিয়া বন্ধ হৈ সৰোজ খানৰ মৃত্যু হয়। তেওঁৰ বয়স ৭১বছৰ আছিল। কিছুদিন পূৰ্বে তেওঁৰ কোৰোণা টেষ্ট কৰোৱা হৈছিল আৰু ৰিপ’ৰ্ট নিগেটিভ আহিছিল। মুম্বাইৰ চাৰকোপ কবৰস্তানত তেওঁক সমাধিস্থ কৰা হ’ব।
সৰোজ খানে নিজৰ কেৰিয়াৰৰ সময়ত বলীউদক এটাৰ পিছত এটা হিট গান দি থৈ গৈছে। তেওঁৰ নৃত্যৰ ভংগীৰে বহু শিল্পী তাৰকা হ’ল। ১৯৮৩চনত হিৰ’ চিনেমাত তেওঁ কৰিয়’গ্ৰাফী কৰিছিল। তেওঁৰ অন্তিম ছবি আছিল ‘কলংক’।
তিনিবাৰৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ বিজেতা সৰোজ খানৰ কেতবোৰ স্মৰণীয় ছবি হিচাপে মাধুৰী দিক্ষীতৰ ‘তেজাব’, ‘ইয়ে ইস্ক হ্যে’, ৰ পৰা ২০০৭চনৰ ‘জব উই মেট’ ৰ পৰা সঞ্জয় লীলা ভান্সালীৰ ‘দেৱদাস’ ৰ কথা ক’ব পাৰি।
মাত্ৰ তিনিবছৰ বয়সতে বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা সৰোজ খানে ১৯৭৪চনত প্ৰথমবাৰলৈ ‘গীতা মেৰা নাম’ ছবিৰে ফিল্ম ইণ্ডাষ্ট্ৰীত কৰিঅ’গ্ৰাফাৰ হিচাপে প্ৰৱেশ কৰে।
তেওঁৰ ছুপাৰ ডুপাৰ হিট চিনেমাৰ ভিতৰত ‘মিষ্টাৰ ইণ্ডিয়া’, ‘চান্দনী’, ‘বেটা’, ‘তেজাব’, ‘নগীনা’, ‘ডৰ’, ‘বাজীগৰ’, ‘অঞ্জাম’, ‘মোহৰা’, ‘য়াৰানা’, ‘দিলৱালে দুলহনীয়া লে জায়েংগে’, ‘দেৱদাস’, ‘লগান’, ‘চলজাৰ’, ‘তাল’, ‘ফিজা’, ‘সাথিয়া’, ‘স্বদেশ’, ‘কুচ না কহো’, ‘বীৰ জৰা’, ‘ডন’, ‘ফনা’, ‘গুৰু’, ‘নমস্তে লণ্ডন’, ‘জব উই মেট’, ‘এজেণ্ট বিনোদ’, ‘ৰাউডী ৰাথোৰ’, ‘এবিচিডি’, ‘তনু ৱেডছ মনু ৰিটাৰ্ণছ’, ‘মণিকৰ্ণিকা’লৈকে নাম ল’ব পাৰি।