কোৰোণা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল গোৱা

কোৰোণা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল গোৱা। আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল দেশৰ পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থল গোৱা। ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মনোহৰ অজংগাম্বকৰে বুধবাৰে কৰে এই ঘোষণা। কিন্তু কেৱল দেশৰ পৰ্যটকহে এতিয়া গোৱালৈ যাব পৰিব।

বিদেশী পৰ্যটকৰ বাবে গোৱা এতিয়াও মুকলি হোৱা নাই। কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে মাৰ্চ পৰা হোৱা ল’ক ডাউনৰ ফলত গোৱাও পৰ্যটকৰ বাবে বন্ধ হৈ আছিল। অৱশ্যে গোৱা ভ্ৰমণলৈ যাবলৈ হ’লে মানিব লাগিব বহুকেইটা চৰ্ত।

গোৱাৰ পৰ্যটন মন্ত্ৰী গৰাকীয়ে কয় যে, গোৱালৈ অহা যাত্ৰী সকলে ৰাজ্যৰ পৰ্যটন বিভাগৰ পঞ্জীকৃত হোটেল বুকিং কৰিব লাগিব।

লগতে যাত্ৰী সকলে গোৱাত প্ৰৱেশ কৰাৰ সময়ত কোভিড-১৯ নিগেটিভ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। অথবা ৰাজ্য খনত প্ৰৱেশ কৰাৰ আগতে কোভিড পৰীক্ষা কৰিব লাগিব। যেতিয়ালৈকে কোনো ধৰণৰ ফলাফল নাহে গোৱাৰে কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিব লাগিব, যদি পজিটিভ আহে নিজৰ ৰাজ্যলৈ উভতি গৈ অথবা গোৱাতে চিকিৎসা সেৱা লব লাগিব।

About the author

+ posts