
৩০জুনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেটে ৰাজ্যৰ উদ্যোগখণ্ডৰ স্বাৰ্থত অধ্যাদেশ জাৰি কৰা সন্দৰ্ভত এতিয়া ৰাজ্যত প্ৰতিবাদৰ সূচনা হৈছে ৷ বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুয়ে কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বীৰ লাচিত সেনায়েও বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাবস্ত্য কৰে ৷
আছু আৰু বীৰ লাচিত সেনাৰ দাবী- অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়ি নিব খুজিছে অসম চৰকাৰে ৷ সোণোৱাল কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদকাৰীয়ে শ্লোগান দিয়ে- “খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বাতিল কৰক, BJP চৰকাৰ হায় হায়, খিলঞ্জীয়া বিৰোধী ভূমি-নীতি অধ্যাদেশ কেবিনেট সিদ্ধান্ত বাতিল কৰক, খিলঞ্জীয়া বিৰোধী চৰকাৰ হায় হায়, জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী মুৰ্দাবাদ ৷”
উদ্যোগখণ্ডৰ ক্ষেত্ৰত কেবিনেটৰ অধ্যাদেশ সন্দৰ্ভত প্ৰতিবাদৰ জোৱাৰ উঠাত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পষ্টীকৰণ দিয়ে৷
পাটোৱাৰীয়ে প্ৰতিবাদৰ জোৱাৰৰ মাজতে ক’লে- “MSMEৰ অৰ্ডিনেন্সখন কেবিনেটে কেৱল অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবেহে পাছ কৰিছে ৷ ইয়াত অন্তভুৰ্ক্ত নহয় বৃহৎ উদ্যোগ ৷ এই অডিনেন্সৰ জৰিয়তে বৃহৎ সংখ্যক থলুৱা ৰাইজ উদ্যোগী উপকৃত হ’ব ৷ এই অডিনেন্স বৃহৎ উদ্যোগৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু ইকো-চেনচিটিভ জ’নত উদ্যোগ স্থাপন কৰাৰ অনুমতি নাই ৷”