কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ ফালৰ পৰা দিয়া হৈছে জাননী।

দিল্লীৰ লোধি এষ্টেটস্থিত চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। ইতিমধ্যে কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু চহৰ উন্নয়ন মন্ত্ৰণালয়ে প্ৰিয়ংকা গান্ধীলৈ প্ৰেৰণ কৰিছে জাননী। অহা ১ আগষ্টৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে খালী কৰিব লাগিব চৰকাৰী বাসভৱন।

জাননী খনত উল্লেখ কৰা হৈছে যে, প্ৰিয়ংকা গান্ধীয়ে লাভ কৰা এছ পি জি সুৰক্ষা ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে, গতিকে এতিয়া আৰু চৰকাৰী বাসভৱন লাভ নকৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। আৰু যদি ঘৰ খালী কৰিবলৈ অমান্তি হয়, তেন্তে থকাৰ বাবদ ভাড়া দিব লাগিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক জেড প্লাছ স্তৰৰ সুৰক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে। যোৱা বছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰো এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল।

২৮ বছৰৰ পিছত প্ৰথমবাৰলৈ গান্ধী পৰিয়ালৰ এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে। ১৯৮৮ চনত এছ পি জি আইন সংশোধনৰ সময়ত ১৯৯১ চনৰ ছেপ্তেম্বৰ মাহৰ পৰাই গান্ধী পৰিয়ালৰ সদস্যক ভি ভি আই পি নিৰাপত্তাৰ আওতালৈ অনা হৈছিল। নতুন দিল্লীৰ লোধি এষ্টেটস্থিত চৰকাৰী বাসভৱনত ১৯৯৭ চনৰ পৰাই বাস কৰি আহিছে প্ৰিয়ংকা গান্ধীয়ে।

About the author

+ posts