ৰাজনৈতিক বিশ্লেষকসকলে আশংকা কৰিছে যে এনেদৰে চলি থাকিলে নাগালেণ্ডত জাপি দিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন৷

নাগালেণ্ডৰ ৰাজনীতি এতিয়া অস্থিৰ৷ এই অস্থিৰতাৰ সূচনা হ’ল ৰাজ্যপালৰ এখন চিঠিৰ পৰা৷ যাৰ ফলত ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ মাজত মতপাৰ্থক্যই এতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ পৰামৰ্শ নমনাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজ্যপাল ৰবি৷

ইয়াৰ মাজতে ৩০ জুলাইত ১৩ সংখ্যাক নাগালেণ্ড বিধানসভাৰ ১৬ সংখ্যক অধিবেশন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে ৰাজ্যপাল ৰবিয়ে৷ এই হিচাপত অহা ৩০ জুলাইৰ পুৱা ৯.৩০ৰ পৰা অনুষ্ঠিত হ’ব নাগালেণ্ড বিধান সভাৰ অধিবেশন৷

ৰাজনৈতিক বিশ্লেষকসকলে আশংকা কৰিছে যে এনেদৰে চলি থাকিলে নাগালেণ্ডত জাপি দিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন৷ উল্লেখযোগ্য যে বিগত ১৬ জুনত মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’লৈ চাৰি পৃষ্ঠাৰ চিঠি লিখিছিল ৰাজ্যপাল আৰ এন ৰবিয়ে৷ সেই চিঠিত নাগালেণ্ডৰ আইন-শৃংখলা চূড়ান্তভাৱে অৱনতি ঘটাৰ বাবে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ NSCNৰ সকলো গোটক গেংষ্টাৰ, টেক্স কলেক্টৰ, মাফিয়া বুলি আখ্যা দিছিল ৰাজ্যপাল ৰবিয়ে৷

নাগালেণ্ডৰ আইন-শৃংখলা পৰিস্থিতি অতি শোচনীয়ভাৱে অৱনতি ঘটা বুলি অভিযোগ কৰি ৰাজ্যপাল ৰবিয়ে মুখ্যমন্ত্ৰী ৰিঅ’ক জগৰীয়া কৰিছিল৷ ইয়াৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে নগা সচেতন ৰাইজ৷ ভাৰত-ম্যানমাৰব্যাপি কাম কৰা নগা ছাত্ৰ সংগঠন নাগা ষ্টুডেণ্ট ফেডাৰেচনেও ৰাজ্যপাল ৰবিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷

About the author

+ posts