সোমবাৰে দেশত TikTok সহ ৫৯টা চাইনীজ এপ নিষিদ্ধ কৰা হয়। পিছে এই তালিকাত নাই
WhatsApp, PUBG আৰু Zoom, গতিকে কোনো ধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিব। যদিওবা Zoom আৰু PUBG ৰ মালিকীস্বত্ব চীনা কোম্পানীৰ হাতত নাই কিন্তু PUBGৰ ক্ষেত্ৰত বিষয়টো অলপ জটিল।
উল্লেখ্য যে, Zoom এপ এৰিক য়ুৱান নামৰ এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক চীনা লোকে প্ৰতিষ্ঠা কৰা। Zoom, Zoom Video Communicationsৰ মালিক হৈছে এটা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠিত কোম্পানী।
অৱশ্যে ইয়াৰ অৰ্থ এয়া নহয় যে Zoomৰ ক্ষেত্ৰত চীনা হস্তক্ষেপক লৈ বিতৰ্ক হোৱা নাই। উদাহৰণস্বৰূপে শেহতীয়াকৈ টিয়েনমেন স্কোৱাৰ সন্দৰ্ভত এক ভাৰ্চুৱেল কমেম’ৰচনত একাংশ ব্যৱহাৰকাৰীক নিষিদ্ধ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। এই বিষয়টো চীনৰ কাৰণে অতি স্পৰ্শকাতৰ আৰু Zoom–এ পৰৱৰ্তী সময়ত জনাইছিল যে চীনা চৰকাৰে বিচৰাৰ কাৰণেই এই কাম কৰা হৈছিল।
অৱশ্যে ইয়াৰ পিছতো Zoom বৰ্তমান ভাৰতত নিষিদ্ধ নহয়।
তেন্তে PUBGৰ ক্ষেত্ৰত কি? PUBG হৈছে Bluehole নামৰ দক্ষিণ কোৰিয়াৰ এটা গেম ষ্টুডিঅ’ৰ দ্বাৰা সৃষ্ট আৰু পৰিচালিত গেম। কিন্তু গেমটো জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানী Tencent–এ নিৰ্মাতাসকলৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়। লাহে লাহে চীনা কোম্পানীটোৱে বিতৰণৰ ক্ষেত্ৰত অধিক দখল লাভ কৰে আৰু আপোনাক জনাও যে ভাৰতৰ প্লে ষ্টৰত PUBG চীনা কোম্পানী Tencent–এ বিতৰণ কৰে।
অৱশ্যে মিশ্ৰিত মালিকীস্বৰ্তৰ কাৰণে সোমবাৰে ভাৰতত নিষিদ্ধ হোৱা এপৰ তালিকাৰ পৰা বাদ পৰিল PUBG, হয়তো ভাৰত চৰকাৰে এতিয়ালৈকে এই তথ্য আহৰণ কৰিব পৰা নাই যে চীনৰ Tencent–এ PUBGত কিমান শতাংশ মালিকীস্বৰ্ত ৰাখিছে। গতিকে PUBG সদ্যহতে ভাৰতত চলিব।
বহুতো ভাৰতীয়ই দেশত WhatsApp নিষিদ্ধ হৈছে নে কি জানিবলৈ বিচাৰিছে। পিছে WhatsApp চীনৰ নহয়। WhatsAppৰ মালিক হৈছে Facebook, যিটোৰ প্ৰাইভেচী সম্পৰ্কীয় সমস্যা থাকিলেও চীনৰ সৈতে একো লেনা–দেনা নাই। সেইকাৰণে WhatsApp ভাৰতত চলি থাকিব।