
কামৰূপ মহানগৰ জিলাত সম্পূৰ্ণ লকডাউন আৰম্ভ। চৈধ্য দিনীয়া এই লকডাউনত কামৰূপ মহানগৰ জিলাৰ মুঠ ২৩টা পেট্ৰ’ল পাম্পক খোলাৰ অনুমতি দিছে প্ৰশাসনে। জৰুৰীকালীন সেৱাৰ সৈতে জড়িত গাড়ী আৰু দুচকীয়া বাহনৰ সুবিধাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ২৮ জুনৰ ৭ বজাৰ পৰা ১২ জুলাইলৈ মহানগৰীৰ এই ২৩টা পেট্ৰ’ল পাম্পহে খোলাৰ ব্যৱস্থা কৰিছে। এই চৈধ্য দিনৰ লকডাউনৰ সময়ত খোলা থাকিবলগীয়া পেট্ৰ’ল পাম্পসমূহৰ কৰ্মচাৰীৰ পোছাক, পৰিচয় পত্ৰ, মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে। নিম্ন উল্লেখিত পাম্পসমূহ খোলা থাকিব লকডাউনৰ সময়ছোৱাত।
১. আশা ফিলিং ষ্টেচন, টেপেচিয়া, এন এইচ ৩৭
২. চান্দমল চেৰাউগী এণ্ড কো., সোণাপুৰ
৩. ৰাজ ছাৰ্ভিচ, বশিষ্ঠ চাৰিআলি, এন এইচ ৩৭
৪. লখৰা ছাৰ্ভিচ ষ্টেচন, লখৰা, এন এইচ ৩৭
৫. ভৱানী ছাৰ্ভিচ ষ্টেচন, সাওকুছি, এন এইচ ৩৭
৬. স্বাগত আৰ অ’, আইএছবিটি, বেতকুছি, এন এইচ ৩৭
৭. স্বগানী ছাৰ্ভিচ ষ্টেচন, বৰাগাঁও, এন এইচ ৩৭
৮. নৰ্থ ইষ্ট ছাৰ্ভিচ ষ্টেচন, জালুকবাৰী, এন এইচ ৩৭
৯. প্ৰদীপ অইল ডিপো, ধাৰাপুৰ
১০. এছ কে এছ ছাৰ্ভিচ ষ্টেচন, লালমাটি
১১. চান্দমল চেৰাউগী এণ্ড ছনছ, দিশপুৰ
১২. থানচিং নাটমল, উলুবাৰী
১৩. চান্দমল চেৰাউগী, উলুবাৰী
১৪. সঞ্জীৱনী ফুৱেল পইণ্ট, বেলতলা
১৫. এন আৰ এল, জয়ানগৰ
১৬. ভৈৰৱী ছাৰ্ভিচ ষ্টেচন, জটিয়া
১৭. এন আৰ এল , আদাবাৰী
১৮. ভৰালী ছাৰ্ভিচ ষ্টেচন, লালগণেশ
১৯. চান্দমল চেৰাউগী এণ্ড কো, পল্টন বজাৰ
২০. গুৱাহাটী ৰিফাইনাৰী, নুনমাতি
২১. কামাখ্যা এনাৰ্জি পইণ্ট, ভেটাপাৰা
২২. এনাৰ্জি ছাৰ্ভিচ ষ্টেচন, জ্যোতিকুছি
২৩. মঠঘৰীয়া অটো ছাৰ্ভিচ, ফৰেষ্ট গে’ট, নাৰেংগী