
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি হোৱা এজন ব্যক্তিৰ মৃতদেহ পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে চিকিৎসালয়খনৰ মৰ্গত। এই সমগ্ৰ ঘটনাৰ অন্তৰালৰ কাহিনী জানিলে আচৰিত হৈ পৰিব আপুনি!
কালেশ্বৰ ওৰাঙ নামৰ ৰোগীজনৰ মৃতদেহক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালে। পৰিয়ালৰ অভিযোগ অনুসৰি, আইছ’লেছন ৱাৰ্ডত ৰখা ৰোগীৰ মৃতদেহ বিচাৰি পোৱা গ’ল মৰ্গত। মৃত্যু হোৱাৰ ৮ দিন উকলি যোৱাৰ পাছতো খবৰ দিয়া নহ’ল পৰিয়ালক।
কালেশ্বৰ ওৰাং নামৰ লোকজনৰ ঘৰ টীয়কৰ নগাদেৰা দীঘলী চাপৰিত।পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি-কালেশ্বৰ ওৰাং বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাত যোৱা ১০ জুনত লৈ যোৱা হৈছিল JMCH লৈ। সেইসময়ত ৰোগীজনৰ প্ৰচণ্ড জ্বৰ হৈ থকাত ভৰ্তি কৰা হৈছিল চিকিৎসালয়খনৰ আইছ’লেছন ৱাৰ্ডত। ইয়াৰ পিছত বহুবাৰ কালেশ্বৰৰ খবৰ লবলৈ পৰিয়ালৰ লোক JMCH লৈ গৈছিল যদিও আইছ’লেছন ৱাৰ্ডত থকা বাবে লগ কৰিব নোৱাৰিব বুলি কৈছিল সেই সময়ত দায়িত্বত থকা কৰ্মচাৰী তথা নিৰাপত্তাৰক্ষীসকলে।
পিছত টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ সহায় লৈ পৰিয়ালৰ লোকে বৃহস্পতিবাৰে পুনৰ ৰোগীজনৰ সন্ধান বিচৰাত ১৩ জুনৰ দিনাই কালেশ্বৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰে বুলি চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰে। ইয়াৰ পিছতে অসহায় হৈ পৰা পৰিয়ালটো আৰক্ষীৰ কাষ চাপে। অৱশেষত আৰক্ষীৰ সহায়ত ৰোগীজনৰ মৃতদেহ পৰিয়ালৰ লোকে উদ্ধাৰ কৰে JMCHৰ মৰ্গত । এই ঘটনাই কালেশ্বৰৰ পৰিয়ালৰ লগতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
‘কালেশ্বৰ চিকিৎসালয়ৰ পৰা পলাই যোৱা বা মৃত্যু হোৱা সন্দৰ্ভত আমাক কোনেও জনোৱা নাছিল। নিজে ভালদৰে থিয় হব নোৱাৰা মানুহটো কেনেদৰে পলাব পাৰিলে। দুখীয়া মানুহ কাৰণে আমাক অৱহেলা কৰা হৈছে।”, মেদিয়া’ৰ সন্মুখত এনেদৰে ক্ষোভ উজাৰে কালেশ্বৰৰ ভগ্নীয়ে।
এতিয়া নিশ্চয় সকলোৰে মনত প্ৰশ্ন উঠিছে যে চিকিৎসালয়ৰ পৰা পলাই যোৱা কালেশ্বৰ ওৰাঙৰ মৃতদেহ মৰ্গত কেনেদৰে উদ্ধাৰ হল ! নিউজ18 ৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ঘটনাৰ আঁৰৰ কাহিনী ।
JMCHৰ তথ্য অনুসৰি যোৱা ১৩ জুনত MSW ৱাৰ্ডৰ 47 নং বিচনাৰ পৰা পলাই গৈছিল কালেশ্বৰ ওৰাং। এই সন্দৰ্ভত JMCH কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক লিখিত ভাবে জনাইছিল ।
আনহাতে যোৱা ১৭ জুনত চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত মুৰমুৰীয়া তিনিআলিৰ এটা জিৰণি চৰাত উদ্ধাৰ হৈছিল এজন অচিনাক্ত ব্যক্তিক। সংজ্ঞাহীন ব্যক্তিজনক আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত ভৰ্তি কৰা হৈছিল JMCHত। সেইদিনা নিশাই এই গৰাকীহীন অচিনাক্ত লোকজনৰ মৃত্যু হয়। অচিনাক্ত মৃতদেহ ৰূপে ব্যক্তিজনৰ মৃতদেহটো থোৱা হয় হাস্পতালখনৰ মৰ্গত।
দৰাচলতে এই অচিনাক্ত মৃতদেহটোৱেই আছিল কালেশ্বৰ ওৰাঙৰ। চিকিৎসালয়ৰ পৰা পলাই যোৱা কালেশ্বৰ ওৰাং আৰু জিৰণি চৰাৰ পৰা আনি গৰাকীবিহীন লোক হিচাপে JMCHত ভৰ্তি কৰাৰ পিছত মৃত্যু হোৱা লোকজন যে একেজন মানুহেই সেই কথা নজনাৰ বাবেই সৃষ্টি হয় এই বিভ্ৰান্তিৰ।
জিৰণি চৰাৰ পৰা অনাৰ সময়ত কথা কব পৰা অৱস্থাত নথকা বাবেই চিকিৎসালয়ৰ ৰেকৰ্ডত অচিনাক্ত লোক ৰূপে লিপিবদ্ধ হয় কালেশ্বৰৰ তথ্য। ফলত সৃষ্টি হয় এই অনাকাংক্ষিত পৰিস্থিতিৰ।