অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীৰ তদন্তত আহিছে নতুন টুইষ্ট। আৰক্ষীৰ দৃষ্টিত এতিয়া সেই কাপোৰখন, যিখন কাপোৰ সুশান্তই ফাঁচি ল’বলৈ ব্যৱহাৰ কৰা বুলি কোৱা হৈছে। আৰক্ষীৰ সন্দেহ, এই কাপোৰখনে সুশান্তৰ ভৰ বহন কৰিব পাৰিছিলনে?
আৰক্ষীৰ মতে, সুশান্ত সিং ৰাজপুতে আত্মহননৰ বাবে এটা সেউজীয়া কুৰ্তা ব্যৱহাৰ কৰিছিল। যেতিয়া আৰক্ষীয়ে মৃতদেহটো নমাই আনিছিল তেতিয়া এডাল বাথৰ’ব বেল্ট পাইছিল, যিডাল দুটুকুৰা হৈ আছিল। সুশান্ত সিং ৰাজপুতৰ ঘৰত কোনো প্ৰমাণৰ বাবে যেতিয়া আৰক্ষীয়ে অনুসন্ধান চলাইছিল তেতিয়া আলমিৰাৰ কাপোৰ খেলিমেলি হৈ আছিল।
আৰক্ষীৰ মতে, সুশান্ত সিং ৰাজপুতে প্ৰথমে সেই বাথৰ’ব বেল্টেডালেৰে ফাঁচি লগোৱাৰ চেষ্টা কৰিছিল। কিন্তু যেতিয়া সেইডাল চিঙি গ’ল তেতিয়া এটা কুৰ্তাৰে ৰছী তৈয়াৰ কৰি লৈছিল। আৰক্ষীয়ে এই কুৰ্তাটো ফৰেনছিক লেব’ৰেটৰীলৈ প্ৰেৰণ কৰিছে। ফৰেনছিক পৰীক্ষাৰ ৰিপ’ৰ্টত পোহৰলৈ আহিব যে সেই কুৰ্তাটোৱে সুশান্তৰ ভৰ বহন কৰিব পাৰিছিল নে নাই!
১৪ জুনত সংঘটিত হোৱা এই ঘটনাৰ পিছত আৰক্ষীয়ে এইপৰ্যন্ত ২৫ লোকক সোধা–পোছা কৰিছে। সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শ্বাস–প্ৰশ্বাস বন্ধ হৈ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে। তেওঁৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নাই।