
গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’ক ডাউন দিয়াৰ পূৰ্ণ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ এই সন্দৰ্ভত স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ৷
দেওবাৰে দিছপুৰৰ নিজ চৰকাৰী আৱাসত আয়োজিত এক সংবাদমেলত গগৈয়ে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দহটা প্ৰশ্ন কৰিলে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দহটা প্ৰশ্ন-
ক) সমগ্ৰ ভাৰতত ল’ক ডাউন শিথিল কৰাৰ সময়ত গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউন কিয় দিব লগীয়া হ’ল? ইয়াৰ বাবে জগৰীয়া কোন ?
খ) হিমন্তই কৈছে হাস্পতালত বিচনা নাই কাৰণে ল’ক ডাউন দিবলগীয়া হৈছে ৷ হাস্পতালত বিচনা নোহোৱাৰ বাবে জগৰীয়া কোন? ইমান দিনে স্বাস্থ্যমন্ত্ৰী হিমন্তই কি কৰি আছিল? কেৱল তলৌতলৌকৈ ঘূৰি ফুৰিলে?
গ) সম্পূৰ্ণ ল’ক ডাউনত খাটি খোৱা মানুহবোৰে কি খাব ? কেনেকৈ জীয়াই থাকিব? হিচাপ ৰাখিছে মন্ত্ৰী হিমন্তই?এই কাৰ্যক নিন্দা কৰিছো।
ঘ) মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে হিমন্ত বিশ্বক কিয় ? হিমন্তই কেবিনেটত ল’ক ডাউনৰ কথা উত্থাপন কৰিছিলনে?
ঙ) কালি হিমন্তই পৰিয়ালসহ কামাখ্যা মন্দিৰলৈ গৈছিল ৷ মাস্ক কিয় পিন্ধা নাছিল? স্বাস্থ্য মন্ত্ৰীয়েই যদি নিয়ম নামানে কোনে মানিব? আৰক্ষীয়ে কি কৰি আছিল?
চ) ল’ক ডাউন দি হিমন্তই কোৰোণাৰ পৰা মানুহক ৰক্ষা কৰিব পাৰিলনে?
ছ) যোৱা চাৰিটা বছৰত বিধানসভাত দীঘলীয়া বাজেট ভাষণ দি ইতিহাস ৰচিলে হিমন্তই ৷ পিছে বাজেটত ঘোষণা কৰা কামবোৰ হ’লনে?
জ) যোৱা চাৰিটা বছৰে ৰাজ্যৰ অৰ্থনীতি কিমান টনকিয়াল হ’ল? বিত্তমন্ত্ৰী হিমন্তই হিচাপ দিয়ক ৷
ঝ) এইখন চৰকাৰত বাকী কোনো মন্ত্ৰীৰ অস্তিত্ব নাই। এইখন অসমৰ ইতিহাসৰ প্ৰথম চৰকাৰ য’ত মাত্ৰ এগৰাকী পাৰ্গত মন্ত্ৰী আছে ৷ হিমন্ত কিহত পাৰ্গত? দুইনম্বৰীতহে পাৰ্গত তেওঁ ?
ঞ) আমাৰ পোন্ধৰ বছৰত যি কৰিলো আমি ৰাইজক কৈছো ৷ হিমন্তই যোৱা পাঁচ বছৰত কি কৰিলে ৰাইজক শ্বেতপত্ৰ দিয়ক ৷ চীনৰ পৰা অনা PPE কীটবোৰ কি হ’ল? কাৰ গোদামত ৰাখিলে ? কোৰোণাৰ নামত ক’ৰ পৰা কি কি ঔষধ, PPE কীট কিনিলে এখন শ্বেতপত্ৰ দিয়ক হিমন্তই ৷