চৰকাৰে যোৱা সময়ত অসম বিধানসভাৰ মজিয়াত ৰাইজক উদ্দেশ্যি তথা আমাৰ সকলোৰে আগত প্ৰতিশ্ৰুতি দিছিল যে, বানপানী অহাৰ আগতে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিম।
তেওঁলোকে যোৱা বছৰ ছেপ্তেম্বৰ মাহত এবাৰ সম্পূৰ্ণ কৰি দিম বুলি কৈছিল তাৰ পিছত বিফল হোৱাত আকৌ জানুৱাৰী মাহত সম্পূৰ্ণ কৰি দিয়াৰ আশ্বাস জনসাধাৰণক দিছিল। কিন্তু তেওঁলোকৰ এই প্ৰতিশ্ৰুতি যে মাথোঁ এক জুমলা আছিল সেয়া মই আজি জোনাইৰ বেৰা চাপৰিত বানপানীৰ কবলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰি উমান পালোঁ। ইয়াত মই প্ৰত্যক্ষ্য কৰোঁ যে, জলসম্পদ বিভাগৰ যিটো মথাউৰি সেইটো নিৰ্মাণটো নকৰিলেই তাৰ পৰিৱৰ্তে গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৫০ লাখ টকাৰ ব্যয়ৰে এটা বালিৰ মথাউৰি নিৰ্মাণ কৰিছিল বুলি ইয়াৰ স্থানীয় ৰাইজে মোক জানিবলৈ দিয়ে। যিটো এমাহতে ভাঙি গ’ল আৰু যাৰ ফলত আজি ৬০০-৭০০ পৰিয়াল জলমগ্ন হৈছে আৰু তেওঁলোকৰ সা-সম্পত্তি তথা পোহনীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধন হৈছে। সকলোতকৈ ডাঙৰ কথাটো হ’ল, এই বানপানীৰ দুৰ্যোগৰ সময়ত চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা যিখিনি সাহায্য তথা সুবিধা পাব লাগে সেইখিনি ও এওঁলোকে পোৱা নাই বুলি মোক অভিযোগ কৰিছে। এই খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল আৰু ইয়াৰ ভিত্তিতে মই আজি নিজে আহি এই গোটেই দৃশ্য প্ৰত্যক্ষ্য কৰোঁ ।
ইয়াত আহি চৰকাৰৰ প্ৰতিশ্ৰুতি সমূহৰ ফোপোলা ছবিখনো দেখিবলৈ পালোঁ। যিটো দুৰ্ভাগ্যজনক। চৰকাৰৰ হাতত যদি মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধনে নাই তেন্তে “ডাবল ইঞ্জিনৰ” চৰকাৰৰ কথা কোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় বা ৰাজ্যৰ চৰকাৰৰ কি লাভ? কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰে চৰকাৰ থকাৰ পিছত আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰক কিয় পুঁজি আৱন্তন দিয়াবলৈ বাধ্য কৰিব নোৱাৰে? মাত্ৰ ছোচিয়েল মিডিয়াত “আত্মনিৰ্ভৰশীল ভাৰতৰ” কেম্পেন কৰি দলৰ প্ৰচাৰতহে যেন ব্যস্ত এইখন চৰকাৰখন।
বান পৰিস্থিতিৰ বুজ লোৱা মুহূৰ্তত
