
দক্ষিণ কামৰূপৰ সোণতলীত সংখ্যালঘূ ছাত্ৰ বৃত্তিত কেলেংকাৰীৰ অভিযোগত আটক বিদ্যালয়ৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আৰু সহকাৰী শিক্ষক৷ অভিভাৱকৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে তিনিওজনকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
বকো সমষ্টিৰ সোণতলীৰ ডেকাচাঙত সংখ্যলঘু বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সোণতলীৰ ডেকাচাং হাইস্কুলত সংখ্যালঘু বৃত্তিৰ ধনৰ কেলেংকাৰীৰ অভিযোগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আনিনুল ইছলাম, সহকাৰী শিক্ষক আব্দুল আজিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিনক ইতিমধ্যে বকো আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে ৷
ডেকাচাং হাই স্কুলৰ শিক্ষাৰ্থীৰ অভিভাৱকসকলে বিদ্যালয়খনত সংখ্যালঘূ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল। বকোৰ থানাৰ আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে সোণতলীৰ ডেকাচাঙৰ পৰা তিনিওজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ কেৱল ডেকাচাং হাই স্কুলতে নহয়, সোণতলীৰ কেইবাখনো বিদ্যালয়ত সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী হোৱা বুলি সচেতন মহলে সন্দেহৰ আঙুলি টোৱাইছে৷