নতুনকৈ নিযুক্তি পোৱা কৃষি উন্নয়ন বিষয়াসকলক ২৪ ঘণ্টাই কৃষকৰ লগত থাকি মনোবল বৃদ্ধি কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

বুধবাৰে এশ এঘাৰজন কৃষি উন্নয়ন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি পত্ৰ বিতৰণ কঠোৰ সকিয়নী দিয়ে৷ কৃষি বিভাগত প্ৰধানমন্ত্ৰীৰ আঁচনিৰ নামত দুৰ্নীতি সংঘটিত হোৱা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে ক’লে- “সহ্য কৰা নহ’ব দুৰ্নীতিক৷ প্ৰধানমন্ত্ৰীৰ কিষাণ নিধিৰ ধন খেতিয়কৰ নামত বেলেগে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ এয়া অতি দুৰ্ভাগ্যজনক৷ নতুন কৃষি বিষয়াসকলে কঠোৰ হওক৷ কোনোক্ষেত্ৰত দুৰ্নীতিক সহ্য কৰা নহ’ব৷ অতিৰিক্ত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ তদন্তৰ প্ৰতিবেদন পালেই দোষীক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ’ব৷”

নতুনকৈ নিযুক্তি পোৱা কৃষি উন্নয়ন বিষয়াসকলক ২৪ ঘণ্টাই কৃষকৰ লগত থাকি মনোবল বৃদ্ধি কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্ৰীয়ে কয়- “অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ শক্তিৰে উন্নত কৰিব লাগিব অসমক। ৫৮ লাখ খেতিয়কক সহায় কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িব লাগিব৷ আজি নিযুক্তি দিয়া কৃষি বিষয়াসকলে অসমত উৎপাদিত কৃষি সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰাৰ বাবে উৎপাদন বৃদ্ধি কৰিব লাগিব৷ ভিয়েটনামৰ কৃষি বিজ্ঞানীৰ দৰেই কৃষক আৰু বিষয়াৰ বন্ধুত্ব স্থাপন কৰি কৃষি উৎপাদন দুগুণ কৰিব লাগিব৷ চৰকাৰী বিষয়া হিচাপে নহয়, ২৪ ঘণ্টাই কৃষকৰ কাষত বিষয়াসকল থাকিব লাগিব৷ কামৰ মাজেৰে খেতিয়কৰ কামৰ মৰ্যাদা দিব লাগিব।”

কৃষিমন্ত্ৰী অতুল বৰাই নৱ নিযুক্ত কৃষি বিষয়াসকলক আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনাই এনেদৰে কয়- “কৃষি বিভাগত দীৰ্ঘদিনৰ বিৰতিত কৃষি উন্নয়ন বিষয়া আজি নিযুক্তি দিয়া হৈছে৷ আজি ১১১জনক নিযুক্তি দিয়া হ’ল৷ আৰু এশজনমান কৃষি উন্নয়ন বিষয়া নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ আজি ৫৬জন যুৱক আৰু ৫৫জন যুৱতীক কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷ এই বিপদ কালত নিযুক্তি দিয়া হৈছে বিষয়াসকলক৷ নিযুক্তি পোৱা বিষয়াসকলে চেলেঞ্জ হিচাপে লৈ কাম কৰিব লাগিব৷ এই বিপদ কালত কৃষিখণ্ডই দেশৰ, ৰাজ্যৰ প্ৰধান বিভাগ৷ বিভাগটোক উজ্জীৱিত কৰিব লাগিব৷ কৃষকক প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব লাগিব৷”

ইপিনে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰায়ে ক’লে- “মোগলৰ দিনত সমগ্ৰ বিশ্বক ভাৰতে কৃষিজাত সামগ্ৰী ৪৮% যোগান ধৰিছিল৷ সেই দিন পুনৰ ঘূৰাই আনিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব৷ অসমৰ হেৰোৱা গৌৰৱ উভতাই অনাৰ ক্ষেত্ৰত কৃষি বিষয়াসকলে উদ্যোগ লওক৷”

About the author

+ posts