বলীউদ সংগীত জগতত কিদৰে প্ৰতিভাৰ অপব্যৱহাৰ কৰা হয়, তাক লৈ গৰজি উঠিল আদানান।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদত নেপ’টিজিমৰ অভিযোগক লৈ উত্তাল ছচিয়েল মিডিয়া। এইবাৰ সংগীত ক্ষেত্ৰক লৈ মুখ খুলিছে এজনৰ পিছত আন এজন শিল্পীয়ে। ছনু নিগমৰ পিছত এইবাৰ আদনান ছামী। বলীউদ সংগীত জগতত কিদৰে প্ৰতিভাৰ অপব্যৱহাৰ কৰা হয়, তাক লৈ গৰজি উঠিল আদানান। ক’লে – ‘মিউজিক মাফিয়াই বলীউদত ভগৱানৰ ভূমিকা লয়। ভাল প্ৰতিভাৰ অপব্যৱহাৰ কৰে।’

ইনষ্টাগ্ৰামত এটা পোষ্টত আদনান ছামীয়ে লিখিছে, ‘‘ভাৰতীয় ছবি আৰু সংগীত জগতত সঁচাকৈ এক প্ৰবল জোকাৰণিৰ প্ৰয়োজন হৈছে। বিশেষকৈ সংগীত ক্ষেত্ৰত। নতুন গায়ক, পুৰণি গায়ক, সুৰকাৰ, গীতিকাৰ – সকলোকে চূড়ান্ত অপব্যৱহাৰ কৰা হয়। হয় তুমি প্ৰতিষ্ঠিত সংগীত মাফিয়াৰ কথাত চলা, নহ’লে বাহিৰ! কিয় দিনৰ পিছত দিন ধৰি সৃজনশীলতাক নিয়ন্ত্ৰণ কৰিব এনে কিছু মানুহে, যিয়ে নিজে ভগৱানৰ ভমিকা লয়।’’

পুৰণি গানৰ ৰিমেক আৰু ৰিমিক্সক লৈও মন্তব্য কৰে আদনান ছামীয়ে। লিখিছে, ‘ঈশ্বৰৰ কৃপাত, আমাৰ দেশত ১৩০ কোটি মানুহে বাস কৰে। আমি সকলোকে ৰিমিক্স বা ৰিমেক গান উপহাৰ দিম নেকি? হে ঈশ্বৰ, প্লিজ এই সকলো বন্ধ হওক। প্ৰতিভাৱান নতুন আৰু পুৰণি শিল্পীক শুদ্ধ বতাহত উশাহ ল’বলৈ দিয়ক। সেই প্ৰতিভাসকলক সৃষ্টিশীলতাৰ শান্তি দিয়ক। তাতেই মিউজিক ইণ্ডাষ্ট্রীৰ লাভ।’

বলীউদৰ ছবি আৰু সংগীত জগতৰ মাফিয়াসকলক ‘একনায়ক আৰু অহংকাৰী’ আখ্যা দি আদনান ছামীয়ে লিখিছে – ‘মিউজিক ইণ্ডাষ্ট্রীত কিছু মানুহ স্বঘোষিত ভগৱান হৈ আছে। এওঁলোকে শিল্প কি তাক বিন্দুমাত্ৰাও নুবুজে। ইতিহাসৰ পৰাও ইয়াৰ শিক্ষা লোৱা নাই। বহুত হ’ল! পৰিৱৰ্তনে দুৱাৰডলিত অপেক্ষা কৰিছে। আপুনি সাজুনে?’

About the author

+ posts