‘‘বিজেপিৰ ২৫ গৰাকী বিধায়কৰ এইবাৰ টিকট কটা যাব৷ আৰু সেইসকল বিধায়ক কংগ্ৰেছলৈ আহিব।’’

‘‘ৰাজ্যত তিনিভাগত বিভক্ত হৈছে এতিয়া বিজেপি দল তথা চৰকাৰ৷ পুৰণি নেতা–কৰ্মীৰ এটা ভাগ আৰু চৰকাৰ ভিতৰত দুটা ভাগ আছে বিজেপিত। নাগপুৰক দেখুৱাবলৈ বাহিৰৰ পৰা সকলো ঠিকে আছে, নহ’লে সৰ্বা- হিমন্তলৈ নাগপুৰৰ পৰা RSSৰ ফোন আহিব৷ ৰাজ্যত বিজেপি চৰকাৰৰ শাসন পাঁচ বছৰৰ শেষ হওঁ হওঁ, কিন্তু কাম একো নকৰিলে, সেয়েহে একত্ৰিত আছে বুলি দেখুৱাইছে ৰাজ্যিক বিজেপিয়ে। কিন্তু ভিতৰত তিনিটা ভাগত বিভিক্ত হৈছে বিজেপি।’’ – media’ৰ আগত এই মন্তব্য কৰিলে প্ৰাক্তন বিজেপি সাংসদ তথা ন কংগ্ৰেছী আৰ পি শৰ্মাই৷

বহুবল্কী প্ৰাক্তন সাংসদ, ন কংগ্ৰেছী আৰ পি শৰ্মাই এতিয়া বিজেপি দলৰ বিৰুদ্ধে কৰিছে এটাৰ পিছত আনটো মন্তব্য। ঢেকীয়াজুলিত media’ৰ আগত আৰ পি শৰ্মাৰ মন্তব্য – ‘‘বিজেপিৰ ২৫ গৰাকী বিধায়কৰ এইবাৰ টিকট কটা যাব৷ আৰু সেইসকল বিধায়ক কংগ্ৰেছলৈ আহিব। মোৰ সৈতে বৰ্তমানো ৬ বিধায়কে যোগাযোগ অব্যাহত ৰাখিছে৷ কিন্ত সকলোকে আদৰি নলয় কংগ্ৰেছে। গেলা মাছ কিনিব নোৱাৰি। একেদৰে দৌৰিব নোৱাৰ ঘোঁৰাক তেল মাৰিও লাভ নাই। দৌৰিব পৰা ঘোঁৰাকহে আমি কংগ্ৰেছত ল’ম৷ যুদ্ধত লেঙেৰা ঘোঁৰা, বুঢ়া ঘোঁৰাক লৈ যুদ্ধত নামিব নোৱাৰি।’’

ইফালে কংগ্ৰেছৰ মিছন ৮০ৰে বিজেপিক ওফৰাই দিছপুৰ দখল কৰিব বুলিও দাবী কৰিলে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই৷ আনহাতে, যোৱা বছৰ নিৰ্বাচনত ৰাজকোষৰ ধন উদং কৰি এতিয়া চৰকাৰে কোভিড–১৯ৰ নামত ভীক্ষা কৰিছে বুলি মন্তব্য কৰে আৰ পি শৰ্মাই। দুৰ্যোধনে যেনেকৈ ৰাজকোষ উদং কৰিছিল ঠিক তেনেদৰে এতিয়া এই চৰকাৰৰ কাৰ্যকালত দুৰ্যোধনে ৰাজকোষ উদং কৰি প্ৰজাৰ পৰা টকা সংগ্ৰহ কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাম আৰু লক্ষ্মণৰ সৈতে তুলনা কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয় – মোৰ ভাতৃ সৰ্বানন্দ ৰাম হয় আৰু হিমন্ত লক্ষ্মণ হয়৷ হিমন্ত বিশ্ব এতিয়া মোৰ ভাই হয়৷ ৰাজনৈতিক সংঘাত থাকিব পাৰে, কৌৰৱ আৰু পাণ্ডৱৰ  দিনটো কিমান যুদ্ধ হৈছিল কিন্তু সন্ধিয়া একেলগে বহিছিল৷ হিমন্তৰ সৈতে এতিয়া জৰুৰী কিবা থাকিলে আমাৰ যোগাযোগ হয়। অৱশ্যে হিমন্ত বিশ্ব শৰ্মায়ো কিবা জৰুৰী কথা থাকিলে তাৎক্ষণিকভাৱে গুৰুত্ব সহকাৰে কয়।’’ ইফালে, হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক দিশত স্নাতক পৰ্যায়ত আছে স্নাতকোত্তৰৰ হোৱা নাই বুলিও মন্তব্য কৰে আৰ পি শৰ্মাই।

About the author

+ posts