এই ডিজিটেল মেনুখন সম্পূৰ্ণ কৰি সাজি উলিওৱাত খৰচ হয় মাত্ৰ এহেজাৰ টকা।

ৰঙিয়াৰ দীপ্তি নগৰৰ প্ৰতিভাবান ছাত্ৰ সমৰজ্যোতি ভাগৱতীৰ নতুন সৃষ্টি। উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে হোটেল, ৰেস্তোৰাঁত ব্যৱহাৰ হোৱা ডিজিটেল মেনু। গুৱাহাটীৰ পি এণ্ড চি একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সমৰজ্যোতিয়ে লকডাউনৰ সময়ত সময়ৰ সদ্ব্যৱহাৰ কৰি সাজি উলিয়াইছে ডিজিটেল মেনুখন।

লকডাউন কিছু পৰিমাণে শিথিল হোৱাত হোটেল-ৰেস্তোৰাঁত খাবলৈ যোৱা লোকৰ সুবিধাৰ কথা চিন্তা কৰিয়ে সমৰজ্যোতিয়ে সাজি উলিয়াইছে ডিজিটেল মেনুখন। সামাজিক দূৰত্ব বজাই ৰাখি যাতে ডিজিটেল মেনুখনৰ ছুইচত ক্লিক কৰিলে হোটেল, ৰেস্তোৰাঁৰ কৰ্মচাৰী অথবা মেনেজাৰে ওচৰত নহাকৈ অৰ্দাৰ ল’ব পাৰিব। লগতে মেনুখনত থাকিব এটি জৰুৰীকালীন ছুইচ, যটো ক্লিক কৰাৰ লগে লগে উপস্থিত হ’ব ৰেস্তোৰাঁৰ কৰ্মচাৰী অথবা মেনেজাৰ।

এই ডিজিটেল মেনুখন সম্পূৰ্ণ কৰি সাজি উলিওৱাত খৰচ হয় মাত্ৰ এহেজাৰ টকা। যদি হোটেল, ৰেস্তোৰাঁত এই ডিজিটেল মেনুখন ব্যৱহাৰ কৰে তেন্তে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে হোটেল, ৰেস্তোৰাঁতো কম সময়ৰ ভিতৰত গ্ৰাহকক যোগান ধৰিব পাৰিব খাদ্য।

ইয়াৰ পূৰ্বে এই প্ৰতিভাৱান ছাত্ৰজনে স্বচ্ছতাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাৰিকৰী প্ৰযুক্তিসন্মত এটি মডেল সাজি উলিয়াইছিল। যাৰ জৰিয়তে ডাষ্টবিনত জাবৰ-জোথৰ ভৰ্তি হ’লে পৌৰ কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে সংকেত বাজিব। যাৰ দ্বাৰা কোন ঠাইৰ ডাষ্টবিনত কিমান জাবৰ-জোথৰ জমা হয়, সেয়া এই কাৰিকৰী পদ্ধতিৰ দ্বাৰা সংশ্লিষ্ট বিষয়াই কাৰ্যালয়ত বহিয়ে জানিব পাৰিব। ঠিক তেনেদৰে ডাষ্টবিনত জাবৰ নেপেলালে বিদ্যুৎ অথবা পানীৰ সংযোগ কাটি দিয়াৰ ব্যৱস্থাও আছিল এই পদ্ধতিত।

About the author

+ posts