মুম্বাইঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে কেইবাটাও বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে। সুশান্তই মুম্বাইৰ বান্দ্ৰাৰ নিজৰ ফ্লেটত ফাঁচি লগাই আত্মহত্যা কৰিছিল। ৩৪বছৰীয়া অভিনেতাজনৰ চৰম সিদ্ধান্তই অসংখ্যজনৰ বুকু ভাঙি চুৰমাৰ কৰিলে। বলিউডৰ তথাকথিত স্বজন তোষণ আৰু একাংশৰ উচাত্মিকা মনোভাৱক ছচিয়েল মিডিয়াত তুলা–ধুনা দিছে বহুজনে। সুশান্তই মুম্বাইৰ বাহিৰৰ পৰা আহি বলিউডত থিতাপি লোৱাৰ কাৰণে ঈৰ্ষাপৰায়ণ একাংশই বয়কট কৰি সুশান্তক মানসিক অশান্তিৰ দিশলৈ ঠেলি দিয়াৰ অভিযোগ। ইয়াৰ মাজতে মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত বিচাৰ–খোচাৰ কৰি আছে। এই বিষয়টোত শেহতীয়াকৈ আৰক্ষীয়ে এক ডাঙৰ সূত্ৰ লাভ কৰিছে।
চুইছাইড নোট নাপালেও সুশান্ত সিং ৰাজপুতৰ ঘৰৰ পৰা আৰক্ষীয়ে ৫খন ব্যক্তিগত ডায়েৰী উদ্ধাৰ কৰিছে। টাইমছ নাওৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে এই ডায়েৰী কেইখনৰ ভিত্তিত আত্মহত্যাৰ আঁৰৰ সত্য উদঘাটন কৰিবলৈ চেষ্টা কৰিছে। সুশান্তৰ ডায়েৰীৰ হিচাপত বহুসংখ্যক আত্মীয়ৰ সৈতেও সোধা–পোচা কৰিবলৈ চেষ্টা কৰা হৈছে।
উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ গোচৰত তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকো আৰক্ষীয়ে সোধা–পোচা কৰিছে। আগলৈও তেওঁৰ পৰা তথ্য পাতি গ্ৰহণ কৰা হ’ব। সুশান্তৰ কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাবৰাকো সোধা–পোচা কৰা হ’ব। টাইমছ নাওৰ ৰিপ’ৰ্টত কোৱা হৈছে যে প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতে কাম নোপোৱাৰ কাৰণে এই পদক্ষেপ লোৱাৰ ধাৰণা কৰিছে। অৱশ্যে আৰু বহুকেইটা দিশত তদন্ত কৰিবলগীয়া আছে।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ছবি উদ্যোগত একপ্ৰকাৰ যুদ্ধ আৰম্ভ হৈছে। বলিউডৰ নামী–দামী প্ৰযোজকে সুশান্তক একাষৰীয়া কৰাৰ অভিযোগ কৰাৰ লগতে একাংশই সুশান্তৰ ব্যক্তিগত জীৱনক লৈ মন্তব্য কৰা দেখা গৈছে।