সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৰ পিছৰ পৰা যেন মানসিক অৱসাদৰ বিষয়ে অধিক গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰিছে। ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে সুশান্ত সিং ৰাজপুতৰ মানসিক অৱসাদৰ চৰম পৰিণতিৰ বিষয়টোৱে।
ঠিক একেসময়তে এইবাৰ অপ্ৰত্যাশিত মন্তব্য কৰিছে অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীয়ে। এখন ইংৰাজী দৈনিক কাকতৰ সৈতে হোৱা সাক্ষাত্কাৰত অভিনেতাজনে স্পষ্ট কৈ জনাই যে, তেওঁ মানসিক অৱসাদত ভুগিছে। প্ৰতিদিনাই মানসিক অৱসাদৰ সৈতে যুঁজিব লগীয়া হৈছে অভিনেতাজনে।
কি ক’লে নাৱাজে?
হিন্দুস্থান টাইমছৰ সৈতে হোৱা সাক্ষাত্কাৰত অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীয়ে কয় যে,‘ মই প্ৰথমৰ পৰাই কঠোৰ পৰিশ্ৰমক বিশ্বাস কৰো। মই কেতিয়াও নিজক আনৰ সৈতে তুলনা কৰা নাই। ডাঙৰ ষ্টাৰ হোৱাৰ সপোনো মই কোনোদিন দেখা নাই। আমাৰ উদ্দেশ্য এটাই, বাচি থাকিবলৈ যিমানখিনি প্ৰয়োজন মাত্ৰ সিমান খিনি উপাৰ্জন কৰা। বিগত ১০ বছৰ মই এনেদৰেই চলি আছো। বহু কঠিন পৰিস্থিতিৰ মুখামুখি হৈছো। হয়, মানসিক অৱসাদ মোৰো হৈছিল। যিসময়ত মোৰ হাতত কোনো কাম নাছিল। যেতিয়া মানুহে খুব ডাঙৰ সপোন দেখে, তেতিয়াই মানসিক অৱসাদে আৱৰি ধৰে।’
সাক্ষাত্কাৰত অভিনেতাজনে লগতে কয় যে,‘ মই ভালদৰে খাব পৰা নাছিলো। চুলি পকিছিল। মনলৈ আহিছিল, যেন অতি সোনকালে মই মৰিব লাগিব। তেতিয়াৰ পৰাই যুঁজি গৈছো। এতিয়াও যুঁজিয়েই আছো।’
কেৱল নাৱাজুদ্দিন ছিদ্দিকেই নহয়, অভিনেত্ৰী শিল্পা শেট্টীৰ ভগ্নি সমিতা শেট্টীয়েও ইনষ্টাগ্ৰামত লিখিছে, তেওঁ মানসিক অৱসাদৰ সৈতে যুঁজি আছে।