অসম আক্ৰমণৰ বাবেহে স্বৰ্গদেও চাওলুং চ্যুকাফা অসমলৈ আহিছিল বুলি মন্তব্য এই জন বাঙালী বুদ্ধিজীৱিৰ।

‘আহোম সকল হৈছে চাইনীজ। স্বৰ্গদেউ চাওলুং চ্যুকাফা হৈছে চীনা আক্ৰমণকাৰী। কিয় অসমৰ মুখ্যমন্ত্ৰীয়ে চীনা আক্ৰমণকাৰীৰ নামত অসম দিৱস উদযাপন কৰিব লাগে?’- এই মন্তব্য কৰি বিতৰ্কিত বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীয়ে। নাগৰিকত্ব সংশোধনী আইনৰ সপেক্ষে যুক্তি দিয়াৰ নামত অসমীয়াক লৈ কটু মন্তব্য কৰা এইজন বাঙালী নেতাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সকলো। সকলে সীমা চেৰাই আনকি অসম আক্ৰমণৰ বাবেহে স্বৰ্গদেও চাওলুং চ্যুকাফা অসমলৈ আহিছিল বুলি মন্তব্য এই জন বাঙালী বুদ্ধিজীৱিৰ।

ক্ৰমাত্‍ জটিল হৈছে ভাৰত-চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক। সীমান্তত বৃদ্ধি পাইছে উত্তেজনা।মৃত্যু হৈছে ২০ জনকৈ ভাৰতীয় জোৱান। তেনে সময়তে আহোম জনগোষ্ঠী আৰু স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কটু মন্তব্য পশ্চিম বংগৰ এগৰাকী বুদ্ধিজীৱিৰ।স্বৰ্গদেউ চুকাফাক “CHINESE INVADER” আখ্যা দি চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত বিজেপিয়ে ৰাজহৰ ধন অপচয় কৰা বুলি মন্তব্য বাঙালী বুদ্ধিজীৱিগৰাকীৰ।

Indian Statistics Instituteৰ অধ্যাপক তথা পশ্চিমবংগৰ বুদ্ধিজীৱি গর্গ চট্টোপাধ্যায় নামৰ পশ্চিম বংগৰ বিতৰ্কিত বুদ্ধিজীৱিয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে সচেতন ৰাজ্যৰ জাতীয়তাবাদী দল-সংগঠন।

ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক তথা সমাজ কৰ্মী ডা০ ভাস্কৰ পাপুকন গগৈয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ সদৰ থানাত দাখিল কৰে গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে এজাহাৰ। তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চিকিৎসক গৰাকীয়ে গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে উচিত প্ৰদক্ষেপ লবলৈ অনুৰোধ জনাই অসম চৰকাৰক। লগতে তেওঁৰ Twitter একাউণ্ট বন্ধ কৰাৰো দাবী জনায়।

About the author

+ posts