অসম নাগালেণ্ডৰ মাজত হৈ থকা সীমা সমস্যা বহু পুৰণি । বৰ্তমান অসমতে নিৰাপত্তা নাইকিয়া হৈছে অসমীয়াৰ ৷আগ্ৰাসী মনোভাৱেৰে পৰিপুষ্ট হৈ থকা নগাই লকডাউনৰ সুবিধা গ্ৰহণ কৰি গেলেকীৰ শিঙিবিলৰ পথত স্থাপন কৰিলে গেত আৰু কাষতে নিৰ্মাণ কৰিল ঘৰ ৷সীমান্তত এটিয়া ৰণ ডংকাৰ প্ৰস্তুতি চলাই নগাই অসমীয়া লোকৰ বাগিচাত তাণ্ডৱ লীলা চলাই কাতি তহিলং কৰিলে বহু চাহ গছ ৷ বাগিচাৰ পৰা খেদি পঠিয়ালে শ্ৰমিকক ৷ অসম আৰক্ষীৰ সন্মুখতে অসমৰ মাটি নিজৰ বুলি দাবী কৰি নগাই হুংকাৰ প্ৰদান কৰা ঘটনাই এই গেলেকী অঞ্চলত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ অসম আৰক্ষী শিঙিবিল বি অ পিৰ কাষতেই এই ঘটনা সংঘটিত হয়, যদিও নাজিৰাৰ মহকুমাধিপতি’ শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক’ সীমান্ত দণ্ডাধীশ’ মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত পথৰ পৰা গেট উঠাই দিয়া হয় কিন্তু নগাই নিৰ্মাণ কৰা ঘৰ ভাঙিবলৈ সাহস কৰিব নোৱাৰিলে প্ৰশাসনে ৷ এই পৰিস্থিতিৰ বুজ লবৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অসম নাগালেণ্ডৰ সীমান্ত শিঙিবিলত উপস্হিত হয় ।

গেলেকী অঞ্চলত যিহেতু কেইবাটাও সীমাসুৰক্ষাৰ বাবে OUTPOST আছে , শিঙিবিল , মুগাপাৰা ,সোণাপুৰ সেই অঞ্চলত অসম আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তা ৰ বাবে তহল দিয়াৰ ব্যৱস্হা আছে । কিন্তু জুন মাহৰ পৰা অসমৰ ভুমিত নাগালেণ্ড আৰক্ষীয়ে নাগালেণ্ড চৰকাৰৰ সহযোগত নিয়মীয়াকৈ তহল দিব ধৰিছে যাৰ ফলত সীমান্তবৰ্তী অঞ্চলৰ অসমৰ ৰাইজে এক আতংকময় পৰিৱেশৰ মাজেৰে জীৱন যাপন কৰিব লগা হৈছে । এইটো অতি গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ ওপৰত তৎকালেই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নগা চৰকাৰক বাধ্য কৰাব লাগে, যাতে তেওঁলোক যিদৰে নিজৰ ঠাইত তহল দি আছিল তাতেই থাকিব লাগে অসমৰ ভুমিত আহি হস্তক্ষেপ কৰিব নালাগে , আৰু এনে কৰাটো অসমৰ ৰাইজ আৰু চৰকাৰৰ প্ৰতি কৰা এক অপমান বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । লগতে তেওঁ কয় যে নগাই অসমৰ সীমান্তবৰ্তী অঞ্চলসমূহৰ লোকসকলৰ বাগান ধ্বংস কৰি দিয়াৰ ফলত তেওঁ লোকৰ নিয়মীয়া উপাৰ্জন বন্ধ হৈ গৈছে ।

১৯৭৮ চনতেই অসমত জনতা দলৰ চৰকাৰ থকা সময়ত অসম নাগালেণ্ডৰ সীমা হিচাপে চিহ্নিত কৰি নিৰ্মাণ কৰা পাইনীয়া পথটো পাৰ হৈ আহি নগাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । ভয় ভাবুকি ৰ মাজেৰে এই সীমান্তবৰ্তী অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এই বিষয়টো যিহেতু অতি গুৰুত্বপূৰ্ণ ।ইয়াৰ ওপৰত আগতেও চৰকাৰক অৱগত কৰি অহা হৈছে সেয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনালোঁ বুলি মন্তব্য প্ৰকাশ কৰে ।

About the author

+ posts