দিল্লীৰ পৰা ৰেলযোগে আহি গৃহ জিলাৰ বৰপেটাৰোডৰ প্ৰশান্তি পৰ্যটক নিৱাসত সাধাৰণ জনতাৰ দৰে সপৰিয়ালে কোৱাৰেণ্টাইন হৈ আছে বৰপেটাৰ সাংসদ আব্দুল খালেক। যি সময়ত আন আন ভি আই পি সকল গুৱাহাটিৰ ৰেডিচন ব্ল বা তাজ ভিভান্তাৰ নিচিনা পঞ্চতাৰকা হোটেলত চৰকাৰী সমগ্ৰ সুবিধা গ্ৰহন কৰি কোৱাৰেণ্টাইন হৈছে সেই সময়ত লোকসভাৰ সদস্যৰ দৰে দেশৰ সৰ্ব উচ্চ সদনৰ সদস্যজন তেনেই সাধাৰণ মানুহৰ দৰে কোৱাৰেণ্টাইন হৈ থকাৰ কাৰণে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সাংসদজনৰ এনে সাধাৰণ জীৱন শৈলিৰ কাৰণে বৰপেটাৰ লগতে অসমৰ জনগনৰ ওচৰত অতি জনপ্ৰিয়। কোৱাৰেণ্টাইনৰ পৰাই সাংসদজনে বিপদগ্ৰস্থ সকলৰ বিভিন্নজনক সক্ৰিয় বাবে সহায় সহযোগ কৰি আছে। কালি বৰপেটা অসামৰিক চিকিৎসালয়, কলগাছিয়া আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসা হৈ থকা কৰ’না ৰোগী সকলক টুত পেষ্ট, টুত ব্ৰাছ, চাবোন আৰু ডিটাৰাজেন পাওঁদাৰ আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ ব্যক্তিগত ভাবে যোগান ধৰে। দিল্লিত থকা সময়তো লকডাউনত দেশ-বিদেশত আবদ্ধ শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীসকলক খাদ্য যোগান, পৰিবহণ আদিৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতাৰে সহায় কৰা পৰিলক্ষিত হৈছে।

About the author

+ posts