অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷

অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ ইয়াৰ অংশ হিচাপেই নুনমাটিত হত্যা কৰা হ’ল ঋতুপৰ্ণ পেগুক ৷ এই ভয়ংকৰ অভিযোগ বিধায়ক শিলাদিত্য দেৱৰ ৷ লগতে তেওঁকো হিন্দুৰ দ্বাৰাই হত্যা কৰাৰ ভাবুকি অচিনাক্ত লোকে দিয়া বুলি সদৰী কৰে বিধায়কজনে ৷

শুকুৰবাৰে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক ৷ গুৱাহাটী মহানগৰীৰ নুনমাটিত হানি, খুচি আৰু ডিঙিত ৰেপি হত্যা কৰা হ’ল ঋতুপৰ্ণ পেগুক ৷ এই ঘটনাকলৈ এতিয়া সৰৱ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷ বিধায়ক শিলাদিত্যৰ দাবী- “ভুমিপুত্ৰ ঋতুপৰ্ণৰ হত্যাকাৰী হ’ল বাংলাদেশী মুছলমান ৷ হত্যাকাৰীক ৰাইজৰ হাতত গটাই দিব লাগে। হত্যাকাৰীক বলি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷”

বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক শিলাদিত্যই ক’লে- “যি কেইজন মহন্ত, গগৈ, ভট্টাচাৰ্য আৰু গোহাঁইয়ে বাংলাদেশী মুছলমানৰ হৈ উকালতি কৰিছিল, আন্দোলন কৰিছিল; সেইকেইজন এতিয়া ক’ত? ৰাইজে এইকেইজনৰ পৰা আঁতৰি থাকক ৷ ভূমিপুত্ৰক বাংলাদেশী মুছলমানে হত্যা কৰিছে আৰু মণজিত্‍ মহন্তই বিহাৰীয়েহে হত্যা কৰা বুলি দাবী কৰিছে ৷ এইজন মহন্তক ৰাইজে কি কৰিব?”

ইপিনে এক টেলিফোন কল কৰি বিজেপিৰ এইজন বিধায়কক হত্যা কৰাৰ ভাবুকি দিছে ৷ কোনো অচিনাক্ত লোকে হিন্দুৰ দ্বাৰাই হত্যা কৰা হ’ব বুলি ভাবুকি দিয়াৰ কথা শনিবাৰে সদৰি কৰে বিধায়ক শিলাদিত্যই ৷ বিধায়ক শিলাদিত্যই ক’লে- “হিন্দুৰ দ্বাৰাই মোক হত্যাৰ ভাবুকি দিছে মোক ৷ এয়া বাংলাদেশী মুছলমানৰ কাম ৷ মোৰ মৃত্যু হৈ গৈছে সেইদিনাই, যিদিনাই সনাতন ডেকাক, ঋতুপৰ্ণ পেগুৰ দৰে ভুমিপুত্ৰক হত্যা কৰা হ’ল ৷ মোক আৰু সিহঁতে হত্যা কৰিব নোৱাৰে ৷”

About the author

+ posts