
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদমেলত মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ পৰিৱেশ ক্ৰমাত্ জটিল হৈ পৰিছে বুলি মন্তব্য কৰে। আনকি অহা সপ্তাহৰ পৰা ৰাজ্যত কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
ইফালে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি অহা ১৬ জুনৰ পৰা ৫০ হাজাৰ লোকৰ কোৰোণা পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে। মুঠ ১২ স্থানত নমুনা সংগ্ৰহ কৰা হ’ব গুৱাহাটীত। আৰু সেই পৰীক্ষাৰ ফলাফলৰ ওপৰতে ল’ক ডাউন আকৌ বলৱত্ কৰিব নেকি, সেয়া নিৰ্ভৰ কৰিব। পৰীক্ষা কৰা হ’ব তেল ডিপো, ধাবাতো।
সংবাদমেলত মন্ত্ৰীয়ে উল্লে কৰে যে,
- কাইলৈৰ পৰা অসমলৈ আহিব ২৫ খন বিমান।
- ৰাজ্যৰ ১৫০ টা স্থানত SWAB পৰীক্ষা কৰা হ’ব।
- গুৱাহাটীবাসী বৰ্তমানো সাৱধান হোৱা নাই। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান।
- মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব প্ৰশাসন।
- ট্ৰাক চালকসমূহে খোৱা ধাবা সমূহ নিৰীক্ষণ কৰা হৈছে।
- ল’ডিং, আনলডিং, পাৰ্কিঙৰ পৰা কোৰোণা সংক্ৰমণৰ আশংকা।
- নমুনা পৰীক্ষাৰ বাবে অসমত সক্ৰিয় ১১ টা পৰীক্ষাগাৰ। সোমবাৰে GMCHত আৰু এটা লেব মুকলি কৰা হ’ব।
- বৰ্তমানলৈকে ২ লাখ ১ হাজাৰ ৫০৩ জনৰ নমুনা পৰীক্ষা।
- বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছে ১লাখ ৭৩হাজাৰ ৪৯৩ গৰাকী।
- হোজাইত সৰ্বাধিক কোৰোণাত আক্ৰান্ত ৰোগী আছে।
- কামৰূপ(ম)ত ক’ৰোণা আক্ৰান্তৰ সংখ্যা ১৭২।