সফল ভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত চিকিৎসকৰ দলটোৱে ডোনাৰ পেটৰ পৰা ১২৩ টা স্ক্ৰু উলিয়াবলৈ সক্ষম হয় ।

যোৰহাটৰ এটি পোহনীয়া কুকুৰৰ পেটৰ ভিতৰত উদ্ধাৰ হৈছে শতাধিক স্ক্ৰু । এই ঘটনা পোহৰলৈ আনে চিকিৎসকে । বিশ্বাস কৰিবলৈ টান পালেও শতাধিক স্ক্ৰু ৰে  ভৰি আছিল ডোনা নামৰ এজনী লেব্ৰাদৰ প্ৰজাতিৰ কুকুৰৰ পেট । ডোনাৰ এক্সৰে  ৰিপৰ্ট চাই শিয়ৰি উঠিব যিকোনো লোকেই । কাৰণ পেটৰ ভিতৰত সিচৰতি হৈ থকা এক ইঞ্চি দৈৰ্ঘ্যৰ জোঙা স্ক্ৰুসমূহে যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন ঘটাব পাৰে ।

যোৰহাট কেন্দুগুৰিৰ প্ৰয়াস শৰ্মা নামৰ যুৱকজনৰ আছে ছটাকৈ বিভিন্ন প্ৰজাতিৰ পোহনীয়া কুকুৰ । ইয়াৰে ডোনা নামৰ লেব্ৰাদৰ প্ৰজাতিৰ কুকুৰজনীয়ে হঠাতে কেইদিনমান পূৰ্বে গৃহস্থৰ অজ্ঞাতে খাই পেলায় এটা স্ক্ৰুৰ পেকেট । এই বিষয়ে সন্দেহ হোৱাত গৰাকী প্ৰয়াসে ডোনাৰ পেটতো পৰীক্ষা কৰাত কিবা ধাতুজাতীয় বস্তু থকাৰ উমান পায় আৰু শব্দ শুনা পায় । লগেলগেই কুকুৰজনীক লৈ প্ৰয়াস কাষ চাপে চিকিৎসক ডাঃ চন্দ্ৰ কুমাৰ সিঙহৰ ।
চিকিৎসকে ডোনাক পৰীক্ষা কৰাৰ পিছত এক্সৰে কৰে । এক্সৰেৰ ৰিপৰ্ট চাই চিকিৎসকৰ লগতে সকলোৰে চকু কপালত উঠে । কাৰণ ডোনাৰ পেটৰ ভিতৰত আছিল শতাধিক জোঙা জোঙা স্ক্ৰু ।

ড: চন্দ্ৰ কুমাৰ সিনহাই যোৰহাট ৰাজ্যিক পশু চিকিৎসালয়ৰ ডা: হেমন্ত বৰুৱা , ডাঃ দীপশিখা দাস , ডাঃ লাৰা দত্ত আৰু ডা: আকাশ মহন্তৰ সহযোগত ডোনাৰ পেটৰ অস্ত্ৰোপচাৰ কৰে বুধবাৰে । সফল ভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত চিকিৎসকৰ দলটোৱে ডোনাৰ পেটৰ পৰা ১২৩ টা স্ক্ৰু উলিয়াবলৈ সক্ষম হয় । চিকিৎসকৰ মতে এনে ঘটনা বিৰল আৰু এয়া তেওঁলোকৰ বাবে প্ৰথম এনেধৰণৰ অভিজ্ঞতা । বৰ্তমান ডোনা সুস্থ ।

” মোৰ কৰ্ম জীৱনত পাঁচ মহীয়া পোৱালীৰ সৈতে সংঘটিত এনে ঘটনা এয়ে প্ৰথম । এটা জটিল অৱস্থাত থকা কুকুৰটোক আমাৰ চিকিৎসকৰ দলটোৱে সুন্দৰ ভাৱে সুস্থিৰ অৱস্থালৈ আনিবলৈ সক্ষম হ’লো । কুকুৰটো বৰ্তমান সুস্থ । এনে ধৰণৰ ঘটনা বিৰল। ” ডা: চন্দ্ৰ কুমাৰ সিনহাই নিউজ18 ক কয় ।

About the author

+ posts