
পেটৰ তাড়নাতেই হওক বা অন্য কিবা কাৰণতেই হওক বিভিন্ন সময়ত অসমৰ বহু যুৱক–যুৱতী কৰ্মসংস্থানৰ বাবে ঢাপলি মেলিছিল বহিঃৰাজ্যলৈ। কিন্তু বৰ্তমান সময়ত কোৰোণা ভাইৰাছে দেশত কালৰূপ ধাৰণ কৰাত কৰ্মস্থলীত বিভিন্ন অভাৱত পৰি নিজৰ আপোন ঘৰখনলৈ উভতি আহিছে অসমৰ বহু যুৱক–যুৱতী।
ঠিক একেদৰে বিহাৰৰ কিষাণগঞ্জৰ কৰ্মস্থলীৰ পৰা অসমলৈ ঘূৰি আহি ৭ দিন ডিব্ৰুগড়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকি সকলো পৰীক্ষাৰ অন্তত নামৰূপৰ তিনিকুনীয়া গাঁৱৰ কৈলাশ মুৰ্মু নামৰ যুৱকজন উপস্থিত হৈছিল নিজৰ আপোন ঘৰখনত। কিন্তু চৰকাৰী নিয়ম অনুসৰি আৰু ৭ দিন হোম কোৱাৰেণ্টাইনত থাকিবৰ বাবে ঘৰখনত পৰ্যাপ্ত কোঠা নথকাত নিজৰ পৰা পৰিয়ালটোক বচাই ৰাখিবলৈ বাৰী চুকত অস্থায়ীভাৱে চাংঘৰ নিৰ্মাণ কৰি তাতে আশ্ৰয় লৈ দিন ৰাতি পাৰ কৰিছে এই যুৱকজনে।
ইফালে, যুৱকজনক খোৱা–বোৱা প্ৰদান কৰা ক্ষেত্ৰতো পৰিয়ালে লৈছে বিশেষ সতৰ্কতা। যুৱকজনৰ সংস্পৰ্শৰ পৰা আঁতৰি দূৰৰে পৰা সময়ে সময়ে যোগান ধৰা হৈছে খাদ্য, লগতে আশা কৰ্মীসকলে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আহিছে যুৱকজনৰ। আনকি যুৱকজনৰ কোনো ধৰণৰ অসুবিধা নহ’বৰ বাবে পৰিয়ালৰ লোকে আছুতীয়াকৈ নিমাৰ্ণ কৰি দিছে এটা শৌচালয়।
যি সময়ত অসমলৈ অহা বহু শ্ৰমিকে কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ ভয়ত পাকে প্ৰকাৰে পলায়ন কৰি আহিছে সেই সময়তে চাহ জনজাতি এই যুৱকজনে অভিনৱ পন্থাৰে নিজকে হোম কোৱাৰেণ্টাইনত থকাৰ প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লৈছে।