
সুদীৰ্ধ ৭৫ দিনৰ পিছত আজিৰে পৰা খোল খালে ধৰ্মীয় অনুষ্ঠান, হোটেল, ৰেষ্টুৰেণ্ট, শ্ব’পিং মল আদি। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ ৰখা হৈছিল এইসমূহ অনুষ্ঠান–প্ৰতিষ্ঠান। যাৰ ফলত প্ৰচণ্ড লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
অৱশ্যে ধৰ্মীয় অনুষ্ঠান, হোটেল–ৰেস্তোঁৰা, শ্ব’পিং মল আদি খুলিলেও প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো বাধ্যতামূলক। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাসমূহ পালন কৰিব লাগিব সকলোৱে।
মাস্ক পৰিধান কৰিলে এইসমূহ স্থানত যাব নোৱাৰিব কোনো লোক। কঠোৰভাৱে মানি চলিব লাগিব সামাজিক ব্যৱধান। নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব জৰিমনাৰ।
মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে গ্ৰহণ কৰিব নোৱাৰিব প্ৰসাদ বা শান্তি জল। মন্দিৰ কৰ্তৃপক্ষয়ো ইয়াৰ পৰা বিৰত থাকিব লাগিব। লগত ৰাখিব লাগিব হেণ্ড ছেনিটাইজাৰ।
অৱশ্যে কণ্টেইনমেণ্ট জ’নত খুলিব নোৱাৰিব কোনো ধৰ্মীয় স্থানৰ লগতে হোটেল–ৰেষ্টুৰেণ্ট। কণ্টেইনমেণ্ট জ’নৰ বাদে বাকী স্থানতহে এই অনুমতি প্ৰদান কৰা হৈছে।
হোটেল–ৰেস্তোঁৰাত প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত ছেনিটাইজাৰ আৰু থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা ৰাখিব লাগিব। কোনো উপসৰ্গ বা লক্ষণ নথকা কৰ্মীয়েহে কাম কৰিব পাৰিব। গ্ৰাহকৰ ক্ষেত্ৰতো হ’ব একেই নিয়ম।
আনহাতে, ৰেষ্টুৰেণ্টত প্ৰতিখন টেবুলৰ মাজত থাকিব লাগিব নিৰ্দিষ্ট দূৰত্ব। ছেনিটাইজ কৰিব লাগিব সকলো। গ্ৰাহক উঠি যোৱাৰ পিছত প্ৰতিবাৰেই ছেনিটাইজ কৰিব লাগিব বহা আসন আৰু টেবুল। লজিঙৰ বাবে দিব লাগিব সম্পূৰ্ণ ভ্ৰমণৰ তথ্য।
সম্ভৱ হ’লে হোটেল আৰু ৰেস্তোঁৰাত গ্ৰাহক আৰু কৰ্মীৰ বাবে পৃথক গে’টৰ ব্যৱস্থা কৰিব লাগিব। লিফ্টত মানুহৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব। সকলো হোটেল–ৰেস্তোঁৰাত কনটেক্টলেছ লেনদেনৰ ব্যৱস্থা থাকিব লাগিব। কাপোৰৰ সলনি ডিছপজেল নেপকিন ব্যৱহাৰ কৰিব লাগিব।
দৰ্জাৰ হেণ্ডেল, লিফ্টৰ ছুইচৰ দৰে সঘনাই স্পৰ্শ কৰা স্থানসমূহ বীজাণুনাশক দ্ৰব্যৰে সঘনাই পৰিষ্কাৰ কৰিব লাগিব। নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগিব বাথৰুম। ফেচ কভাৰ, মাস্ক বা আন সামগ্ৰী ব্যৱহাৰৰ পিছত পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থান ৰাখিব লাগিব।