কপটীয়া চীনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ বৰ্ধিত সুনাম যেন সহ্য কৰিব পৰা নাই। চীনে আকৌ এবাৰ ধমক দি কৈছে যে ভাৰতে আমেৰিকাৰ সমৰ্থনত G-7ত অন্তৰ্ভুক্ত হৈ জুইৰে খেলিছে। ইয়াৰ ফলত ভাৰতে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব।

বেইজিংঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে G-7 দেশত ৰাচিয়া আৰু ভাৰতক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস আৰম্ভ কৰিছে। ৰাচিয়াই অৱশ্যে ইয়াত চামিল হোৱাৰ ৰুচি দেখুৱা নাই যদিও ট্ৰাম্পে নিজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰস্তাৱ জনাই ফোনত কথা পাতিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বৰ্ধিত সন্মানক লৈ চীনৰ যেন বদহজম হৈছে। চীনে এইবাৰ ধমক দিছে যে যদিহে ভাৰতে আমেৰিকাৰ সমৰ্থনত G-7 ত অন্তৰ্ভুক্ত হয় তেনেহ’লে দেশখনে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব।

চীনৰ চৰকাৰী মিডিয়া গ্ল’বেল টাইমছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি ট্ৰাম্পে ভাৰত, ৰাচিয়া আৰু আন একাংশ দেশক G-7ত অন্তৰ্ভুক্ত কৰি ইয়াক G-10 বা G-11 কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই প্ৰস্তাৱত বিকশিত দেশসমূহৰ লাভ হোৱাৰ ইংগিত দেখা পালেও ভাৰতে স্পষ্টৰূপত ইয়াৰ কাৰণে লোকচান ভৰিব লাগিব। চীনৰ মতে, আমেৰিকা–চীনৰ সংঘাতৰ কাৰেণ আমেৰিকাই এই কাম কৰিছে। চীনৰ মতে, আমেৰিকাৰ ইণ্ডো–পেচিফিক নীতিত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ ভাৰত কেৱল বিশ্বৰ পঞ্চমটো বৃহৎ অৰ্থব্যৱস্থাই নহয় বৰং এক বৃহৎ সেনাও তেওঁলোকৰ ওচৰত আছে।

চীনৰ মতে ভাৰত এতিয়া ক্ষমতাক লৈ বুভুক্ষু হৈ আছে আৰু সেইকাৰণে তেওঁলোকে ট্ৰাম্পৰ ষড়যন্ত্ৰ তেওঁলোকে দেখা পোৱা নাই। ইয়াৰ লগতে ভাৰত–চীন সীমান্তত নিজকে শক্তিশালী দেখুৱাবলৈ ভাৰতে এতিয়া G-7 আৰু আমেৰিকাৰ দৰে দেশৰ সহায় ল’বলৈ চেষ্টা কৰি আছে। চীনে অভিযোগ কৰিছে যে ভাৰতত এনে কিছু সংগঠন আছে যি চীনক লৈ উৰাবাতৰি বিয়পাই আছে আৰু ভাৰতে এইসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত অক্ষম হৈছে।

গ্ল’বেল টাইমছত প্ৰকাশ পোৱা মতে, চীনৰ বন্ধুত্বসুলভ ব্যৱহাৰৰ পিছতো ভাৰতে সদায় দেশখনক শত্ৰু জ্ঞান কৰি আহিছে আৰু তাৰ কাৰমে দুয়োখন দেশৰ মাজত বিবাদৰ সৃষ্টি হৈ আহিছে। চীনে লগতে ভাৰতক পৰামৰ্শ দিছে যে বন্ধুত্বৰ পৰ্যায়তে থাকক শত্ৰুতা কৰিলে চীনে ভাৰতত শিক্ষা দিবলৈ পিছ হুঁহকি নাহিব। ইয়াৰ পূৰ্বে দেওবাৰেও চীনে ভাৰতক মুকলি ধমকি দি কৈছিল যে ভাৰতে নিজকে চীন–আমেৰিকাৰ বিবাদৰ পৰা আঁতৰাই ৰাখিব লাগে। চীনে ভাৰতক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছিল। বিশেষজ্ঞৰ মতে চীন আৰু আমেৰিকাত কোৰোণা সংক্ৰমণৰ পিছত আৰম্ভ হোৱা এই বিবাদে বিশ্বক ‘কল্ড ৱাৰ’লৈ ঠেলি দিব পাৰে।

চীনে লগতে সকীয়নি দিছে যে যদিহে আমেৰিকা আৰু চীনৰ মাজত ক’ল্ড ৱাৰ আৰম্ভ হয় আৰু ভাৰতে আমেৰিকাৰ পক্ষ লয় তেনেহ’লে এয়া ভাৰত আৰু চীন উভয়ৰে ব্যৱসায়িক দিশত ক্ষতিকাৰক হ’ব। ভাৰতে এইক্ষেত্ৰত অধিক লোকচানৰ সন্মুখীন হ’ব লাগিব। গতিকে চীনৰ পৰামৰ্শ যে ভাবি চিন্তি ভাৰতে কাম কৰিব লাগে।

About the author

+ posts