বিজেপিৰ আই টি চেলৰ চেলৰ দুৰ্ল্লভ নাথ নামৰ এজন নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল। ৰাজ্যিক বিজেপিৰ সভাপতিলৈও প্ৰেৰণ কৰিলে অভিযোগ পত্ৰ।

ফেচবুকত সততে সক্ৰিয় বিজেপিৰ আইটি চেলৰ নেতা দুৰ্ল্লভ নাথৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। খোদ দলৰে সতীৰ্থৰ অভিযোগ এইজন বিজেপিৰ আই টি চেলৰ নেতাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিজেপি নেতা মানৱ ডেকাৰ ঘনিষ্ঠ বুলি দাবী কৰাৰ সুবাদত চলাইছে ঠিকাৰ দালালি। কোটি টকাৰ ঠিকাৰ বিনিময়ত লাখ টকাৰ লেন দেন কৰে ছচিয়েল মিডিয়াত সততে বিভিন্নজনক ক্ষুৰধাৰ আক্ৰমণ চলোৱা দুৰ্ল্লভ নাথে।

নাগৰিকত্ব সংশোধনী আইনৰ সময়ত বিভিন্নজনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা আই টি চেলৰ নেতা দুৰ্লভ নাথ এতিয়া টাৰ্গেট হৈ পৰিছে দলৰে এজন সতীৰ্থৰ। 

অভিযোগ অনুসৰি গড়কাপ্তানি বিভাগত কোটিটকীয়া ঠিকা দিয়াৰ নামত এতিয়া লাখ লাখ টকা সংগ্ৰহ কৰে এইজন দুৰ্লভ নাথে। প্ৰতিটো ঠিকাত থাকে কমিছনৰ অংক। আকৌ টকা দিবলৈ অমান্তি হ’লেই ভৱিষ্যতে ডাঙৰ ডাঙৰ ঠিকা দিয়াৰ সপোন দেখুৱাই এইগৰাকী বিজেপিৰ আই টি চেলৰ পাবত গজা নেতাই।

অভিযোগ অনুসৰি, নিৰ্মল পায়েং নামৰ লখিমপুৰৰে এজন বিজেপি নেতাৰ পৰা সাংসদ প্ৰদান বৰুৱাৰ জৰিয়তে ঠিকা দিয়াৰ লোভ দেখুৱাই  ১ লাখ ৭০ হাজাৰ টকা লৈছিল দুৰ্লভে। কিন্তু চুক্তি অনুসৰি সম্পূৰ্ণ ঠিকা নাপালে নিৰ্মল পায়েঙে। ফলত ঠিকাৰ পৰা নাম উঠাই ল’লে নিৰ্মল পায়েঙে। আৰু ঠিকা লাভ কৰিবলৈ দুৰ্লভক দিয়া টকা ঘূৰাই বিচাৰিলে পায়েঙে। কিন্তু লোৱা টকা ঘূৰাই নিদিলে দুৰ্লভ নাথে।

এতিয়া দুৰ্লভ নাথৰ কু-কীৰ্তি উদঙাই লখিমপুৰ জিলা বিজেপিৰ তৰফৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতিলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে নিৰ্মল পায়েঙে।

আনকি দুৰ্লভ নাথৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে এজাহাৰ। উত্তৰ লখিমপুৰ সদৰ থানাত সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। গড়কাপ্তানি বিভাগত ঠিকা আবণ্টনৰ নামত ধন সংগ্ৰহৰ অভিযোগত দিয়া হৈছে এজাহাৰ। ইফালে সমস্ত ঘটনাত
সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক পৰাগ গগৈৰ নামো সাঙুৰ খাই পৰিছে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক অডিঅ’ বাৰ্তাও।

About the author

+ posts