জুনৰ পৰা দেশত পুনৰ চলিব ৰে’ল। দুটা মাহৰ পিছত আৰম্ভ হ’বলগীয়া এই ৰেল সেৱাত দেশত চলিব ২০০ খন ৰে’ল। ইয়াৰে অসমৰ পৰা চলিব তিনিখনকৈ ৰে’ল। ১ জুনত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে চলিব ব্ৰহ্মপুত্ৰ মেইল এক্সপ্ৰেছ।
ঠিক একেদৰে ২ জুনত গুৱাহাটীৰ পৰা মুম্বাইলৈ চলিব লোকমান্য তিলক এক্সপ্ৰেছ ।দেওবাৰৰ বাহিৰে জন শতাব্দী এক্সপ্ৰেছ পুৱাৰ ভাগত গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা যোৰহাটলৈ চলিব। পুনৰ দুপৰীয়া ভাগত যোৰহাটৰ পৰা গুৱাহাটীলৈ উভতি আহিব জনশতাব্দী এক্সপ্ৰেছ। প্ৰথম অৱস্থাত তিনিখনকৈ ৰে’ল অসমৰ পৰা চলিব যদিও পৰ্যায়ক্ৰমে বৃদ্ধি হ’ব এই সংখ্যা।
কোৰোণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেই।
- ৰে’লেৰে যাত্ৰা কৰিব বিচৰা সকলে নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘণ্টাৰ পূৰ্বেই আহিব লাগিব ষ্টেচনলৈ।
- সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
- টিকটৰ নিশ্চিয়তা নথকা যাত্ৰী সকলক যাত্ৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে।
- টিকটৰ সংৰক্ষণ নথকা যাত্ৰীক ৰেলত যাত্ৰা কৰিব নিদিয়ে ৰে’ল বিভাগে।
সাধাৰণ আসন সমূহতো থাকিব সংৰক্ষিত ব্যৱস্থাঃ
- ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ বছৰৰ ওপৰৰ ব্যক্তিক ৰে’লত যাত্ৰা নকৰিবলৈ অনুৰোধ জনাইছে এন এফ ৰে’লৱেই।
- যাত্ৰা কৰাৰ পূৰ্বে দুবাৰকৈ স্ক্ৰীণিং কৰা হ’ব যাত্ৰীসকলক। ৰে’লত উঠাৰ আগত এবাৰ আৰু নমাৰ আগত এবাৰ কৰা হব স্ক্ৰীণিং।
- কোনো যাত্ৰীৰ দেহত কোৰোণাৰ লক্ষণে দেখা দিলে যাত্ৰা কৰিবলৈ নিদিয়ে বিভাগে।
উল্লেখযোগ্য যে এই তিনিখনৰ উপৰি পূৰ্বৰ দৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ চলিব দুখনকৈ ৰাজধানী এক্সপ্ৰেছ