বিভিন্ন ক্ষেত্ৰত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়তো অব্যাহত প্ৰতিবন্ধকতা।

কোৰোণাক প্ৰতিহত কৰিবলৈ দেশত পঞ্চম পৰ্যায়ৰ ল’ক ডাউন ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে ল’ক ডাউনৰ সন্দৰ্ভত গাইড লাইন। এইবাৰ ল’ক ডাউন কিছু নতুন ৰূপত বলৱত্‍ কৰা হ’ব। যদিও বহু ক্ষেত্ৰত শিথিলতা থাকিব তথাপিও বিশেষ ক্ষেত্ৰত থাকিব নিষেধজ্ঞা। কেৱল কণ্টেইনমেণ্ট জ’নতহে এইবাৰ বলৱত্‍ হ’ব ল’ক ডাউন। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি সিদ্ধান্ত ল’ব পাৰিব। উল্লেখ্য যে, ৮ জুনৰ পৰা পৰ্যায় ক্ৰমে  কণ্টেইনমেণ্ট জ’নৰ বাহিৰে অন্য ঠাই খুলিব পাৰিব।

কি কি আছে গাইড লাইনত?

  • আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত নিষেধাজ্ঞা।
  • বহুলোক সমাবেশ ঘটিব পৰা বিবাহত নিষেধাজ্ঞা।
  • সামাজিক দূৰত্ব বাধ্যতামূলক।
  • ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব।
  • ৮ জুনৰ পৰা হোটেল, ৰেষ্টুৰেণ্ট খুলিব পাৰিব।
  • নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন ঘোষণা।
  • বিদ্য়ালয় বন্ধ থাকিব।
  • মেট্ৰ ৰে’ল, চলচিত্ৰ গৃহ বন্ধ থাকিব।
  • ৰাজ্য সমূহে নিৰ্ধাৰণ কৰিব কণ্টেইনমেণ্ট জন, বাফাৰ জন।

About the author

+ posts