অসমত ডেকা লোকৰ সংখ্যা অধিক হ’লেও মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশক লৈয়ে সৃষ্টি হৈছে আশংকাৰ।

অসমৰ ৰাইজৰ প্ৰতি এটি বিশেষ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অন্যথা মহামাৰীৰ বিৰুদ্ধে এই যুঁজত হাৰি যোৱাৰ লগতে অসমত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব অচিৰেই। যোৰহাটত আগন্তুক সময়ছোৱাৰ এক ভয়াৱহ পৰিস্থিতিৰ ইংগিত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে।

অসমত বৰ্তমানলৈকে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা অধিকাংশ লোকৰ শৰীৰতে নাই COVID–19ৰ লক্ষণ। ডেকা লোকৰ শৰীৰত এই ভাইৰাছে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। সেয়েহে ৰাজ্যৰ বাহিৰৰ পৰা অহা অধিকাংশ যুৱক-যুৱতীৰ শৰীৰতে সংক্ৰমণ পোৱা গৈছে যদিও কোনো জটিল পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ সংক্ৰমণমুক্ত হৈ উঠিছে সকলো। আনহাতে এই সকলো কোৱাৰেণ্টাইন হৈ থকা লোক।

‘কিন্তু যদিহে মানুহে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হৈ থকাৰ নিয়মটো মানি নচলে তেন্তে অচিৰেই অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। কাৰণ ইয়াৰ ফলত বয়সস্থ লোকৰ শৰীৰলৈ সংক্ৰমণ বিয়পিব আৰু অসমৰ চিকিৎসালয়সমূহৰ আই চি ইউসমূহত ঠাইৰ অভাৱ হ’ব। মৃত্যুৰ সংখ্যা বাঢ়ি যাব আৰু অসমে এই যুঁজত হাৰ মানিব লাগিব।’ – যোৰহাটত শনিবাৰে এই উদ্বেগজনক মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সেয়েহে ৰাজ্যৰ বাহিৰৰ পৰা অহা সকলোকে ১৪ দিন কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। আনহাতে, কোনো লোক কোৱাৰেণ্টাইন হৈ থকাৰ পৰা পলালে লোকজনে বিচৰণ কৰা সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হ’ব। হোম কোৱাৰেণ্টাইন ভংগ কৰিলেও এজন ব্যক্তিৰ বাবে সমগ্ৰ অঞ্চলটোৰ ৰাইজ ১৪ দিনৰ কাৰণে বন্দী হৈ পৰিব লগা হ’ব বুলি স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এই ক্ষেত্ৰতস্থানীয় ৰাইজকো অধিক সজাগ হ’বৰ বাবে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

অসমত ডেকা লোকৰ সংখ্যা অধিক হ’লেও মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশক লৈয়ে সৃষ্টি হৈছে আশংকাৰ। কাৰণ এইসকল বয়োজ্যেষ্ঠ লোক সংক্ৰমণৰ বলি হ’লে পৰিস্থিতিয়ে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰাটো নিশ্চিত বুলি সকলোকে সাৱধান কৰি দিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

শনিবাৰে যোৰহাটত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যখণ্ডৰ বাহিৰৰ প্ৰতিষ্ঠানত প্ৰথমবাৰৰ বাবে তথা ৰাজ্যৰ অষ্টমটো COVID–19 TESTING LABORATORY উদ্বোধন কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে JMCHৰ বিশেষ কোভিড হাস্পতালত ভৰ্তি হৈ থকা চাৰিগৰাকী লোকক আনুষ্ঠানিকভাৱে চিকিৎসালয়ৰ পৰা মুক্তি দিয়ে।

About the author

+ posts