বুঢ়ালুইতত বিলীন হ’ল স্বাধীনতাৰ পূৰ্বে নিৰ্মিত কলিয়াবৰৰ ২নং বৰঘূলিৰ মছজিদ। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে অঞ্চলটোৰ ৪খনকৈ স্কুল জাহ গৈছে। জলসম্পদ বিভাগক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মে’ৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছিল যদিও স্বয়ং জলসম্পদ মন্ত্ৰীৰ সমষ্টিতে সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ কাম।
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বৰঘূলিত লুইতৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১৯ কোটি টকাৰ জিঅ’ বেগ আঁচনি লৈছিল যদিও সেয়া সম্পূৰ্ণ নহ’ল। যাৰ ফলত এতিয়া লুইতৰ খহনীয়াই সংহাৰী ৰূপ লোৱাত দিশহাৰা হৈ পৰিছে বৰঘূলিৰ ৰাইজ। প্ৰতিদিনেই জাহ গৈছে বহু বিঘা ভূমি। নিজৰ ঘৰ-বাৰী, কৃষি ভূমি হেৰুৱাই এতিয়া মূৰে-কপালে হাত দিছে কৃষক ৰাইজে।
উল্লেখযোগ্য যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা ঠিকাৰ আবণ্টন লাভ কৰা আগৰৱালা উপাধিৰ দুজন ঠিকাদাৰে খৰাং বতৰতে কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে নগাঁৱৰ কৰ বিভাগৰ এগৰাকী কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত চলি থকা গ্লোবেল এণ্টাৰপ্ৰাইজে আবণ্টন পোৱা দুটা গ্ৰুপৰ মাথোঁ এটাৰহে কাম সম্পূৰ্ণ কৰে।
আনহাতে, বাবুল নাথ নামৰ ঠিকাদাৰজনে শান্তনু ৰয় নামৰ এজন ঠিকাদাৰক উপ-ঠিকা দি দায়িত্ব সামৰে। শান্তনু ৰয়েও নিজে কাম নকৰি মৈৰাবাৰীৰ আন এজন ঠিকাদাৰক উপ–ঠিকা দিয়াত সেই কামো সম্পূৰ্ণ নহ’ল। ইয়াৰোপৰি ফ্লাছিটেব নামৰ এটা প্ৰতিষ্ঠানেও দুটা গ্ৰুপৰ কাম লাভ কৰিছিল যদিও সেই কামো সম্পূৰ্ণ ন’হল। ৰহস্যজনকভাৱে এই সকলো দেখি–শুনিও নীৰৱে থকা নগাঁও সংমণ্ডলৰ এছডিঅ’ সুৰজিৎ ভড়ালী আৰু গাণনিক গোস্বামীৰ ভূমিকাও সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।
স্থানীয় ৰাইজে সংবাদ মাধ্যমক দিয়া অভিযোগ অনুসৰি, এইসকল বিষয়াই কমিচনৰ বিনিময়তে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয়। ইপিনে সোমবাৰৰ পৰা পৰা ভয়ংকৰ ৰূপ লোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াই আজি খহাই নিলে ২নং বৰঘূলিৰ স্বাধীনতাৰ পূৰ্বৰে পৰা থকা মছজিদটো। ৰাইজৰ মৰমৰ মছজিদটোত লুইতৰ বানে উটুৱাই নিয়াৰ কিছু সময় পূৰ্বে যেতিয়া শেষবাৰৰ বাবে আজান দিয়া হয়, তেতিয়া বৰঘূলিৰ বহু ৰাইজৰ মাজত ক্ৰন্দনৰ ৰোল উঠে।
জলসম্পদ বিভাগৰ এইসকল বিষয়াৰ বিৰুদ্ধে চিবিআই তদন্ত কৰিবলৈকো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় বৰঘূলিৰ ৰাইজে। উল্লেখযোগ্য যে এখন মেচিন নাৱেৰে বৰঘূলিৰ মছজিদৰ খহনীয়াৰ বুজ ল’বলৈ অহা জলসম্পদ বিভাগৰ ঠিকাদাৰ-অভিযন্তাকো পহু খেদা দিয়ে ক্ষোভিত ৰাইজে।
খহনীয়াৰ লগে লগে ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই অশনি সংকেট কঢ়িয়াইছে বৰঘূলিৰ বিস্তীৰ্ণ অঞ্চললৈ। কিন্তু উন্মুক্ত মথাউৰিৰ কাষত বাস কৰা বৰঘূলিবাসীৰ বাবে বানৰ সৈতে সহবাস কৰাৰ বাহিৰে আন কোনো পথ নাই। খোদ জলসম্পদ মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিতে বিভাগটোৰ এনে ব্যৰ্থতাই উদঙাই দেখুৱাইছে বিভাগটোত চলা চৰম অৰাজকতা।