দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু গৱেষক

কিছু আশাৰ ৰেঙণি! পৰীক্ষামূলক ভাবে কোৰোণা ভাইৰাছৰ ভেকচিনে লাভ কৰিছে সফলতা। ব্ৰিটেইনত এতিয়া চলি আছে কোৰোণা ভাইৰাছৰ ভেকচিনৰ ট্ৰাইল।

দহ জন মানুহৰ দেহত এই ভেকচিনে কাম কৰাৰ পিছত এতিয়া পৰীক্ষকৰ দল সাজু হৈছে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে। শিশু, বয়োজ্যেষ্ঠ লোকসহ প্ৰায় ১০ হাজাৰ লোকৰ দেহত পৰীক্ষামূলক ভাবে প্ৰয়োগ কৰা হ’ব এই ভেকচিন। যদি দ্বিতীয় পৰ্যায়টো সফলতা লাভ কৰে তেন্তে সমগ্ৰ বিশ্বই লাভ কৰিব সকাহ।

এই সন্দৰ্ভত অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ এগৰাকী গৱেষকে কয় যে, ‘ক্লিনিকেল ষ্টাডি’ বহুত সুন্দৰ ভাবে আগবাঢ়িছে। এতিয়া শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সামৰি ল’ব এই ভেকচিনৰ পৰীক্ষাত।’

উল্লেখযোগ্য যে, অক্সফোৰ্ডৰ জেনাৰ ইনষ্টিটিউটৰ গৱেষকসকলে প্ৰথমে ছটা বান্দৰৰ দেহত প্ৰয়োগ কৰিছিল কোৰোণাৰ ভেকচিন। আৰু এই পৰীক্ষাই লাভ কৰিছিল সফলতা। পিছত ভেকচিন ১০ জন মানুহৰ শৰীৰৰত প্ৰয়োগ কৰাৰ পিছত এতিয়া সেই ভেকচিনে মানুহৰ দেহতো কাম কৰা বুলি জনাইছে গৱেষকসকলে।

কেতিয়ালৈ প্ৰস্তুত হ’ব ভেকচিন?

ভেকচিন কেতিয়ালৈকে সম্পূৰ্ণ ৰূপে তৈয়াৰ হ’ব সেয়া এতিয়াই ক’ব নোৱাৰি বুলি জনাইছে গৱেষকসকলে। গষেষকৰ মতে, দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাই এতিয়া এই ক্ষেত্ৰত বহু খিনি নিৰ্ভৰ কৰিছে।

About the author

+ posts