২.৩২ শতাংশ ষ্টেক ল’লে কেকেআৰে, মাহটোত জিঅ’ৰ পঞ্চমটো বিনিয়োগ।

মুম্বাইঃ Facebook, Silver Lake Partners, Vista Equity Partners, General Atlantic-ৰ পিছত এইবাৰ KKR–ৰ বিনিয়োগ ৰিলায়েন্স জিঅ’ত ৷ লকডাউনৰ মাজতো জিঅ’ত বিপুল পৰিমাণৰ বিনিয়োগৰ কাৰণে আগবাঢ়ি আহিছে এটাৰ পিছত আন এটা কোম্পানী। এই তালিকাত এইবাৰ সোমাল KKR। জিঅ’ প্লেটফ’ৰ্মত ২.৩২শতাংশ ইকুইটি ষ্টেক ল’লে কেকেআৰে। এচিয়া মাৰ্কেটত এয়া সৰ্ববৃহৎ বিনিয়োগ। মাহটোৰ এই পঞ্চম চুক্তিৰ সৈতে জিঅ’ই মুঠ ৭৮,৫৬২কোটি টকা অৰ্জন কৰিলে।

ভাৰতত ডিজিটেল ছচাইটি নিৰ্মানৰ ক্ষেত্ৰত এইসময়ত পৃথিৱীৰ ডাঙৰ ডাঙৰ কোম্পানীৰ বিনিয়োগে বৃহৎ বিনিয়োগ ভূমিকা গ্ৰহণ কৰিছে। ডিজিটেল ইণ্ডিয়াৰ ইক’ চিষ্টেম গঢ়ি তুলিব এই মাৰ্কেট জায়েণ্টসমূহে। নেক্সট জেনেৰেশ্যন ছফটৱেৰ প্ৰডাক্ট তথা প্লেটফ’ৰ্ম নিৰ্মানৰ ক্ষেত্ৰত জিঅ’ক আৰু এক বৃহৎ মঞ্চলৈ লৈ গ’ল এই বিনিয়োগে।

কোৰোণা অতিমাৰীৰ সময়ত জিঅ’ৰ তথ্য প্ৰযুক্তিগত ক্ষমতা ইমানেই বাঢ়িছে যে এই সময়তো জিঅ’ এক সফল ব্যৱসায়িক মডেল হিচাপে আগলৈ আহিছে। উল্লেখযোগ্য যে, কেকেআৰ হৈছে পৃথিৱীৰ অন্যতম বৃহৎ বিনিয়োগ সংস্থা। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰে। তাৰমাজত আছে প্ৰাইভেট ইকুইটি, এনাৰ্জী, ইনফ্ৰাষ্টাকচাৰ, ৰিয়েল ইষ্টেট, ক্ৰেডিট আদি। ইয়াৰ কাৰণে বিভিন্ন ষ্ট্ৰেটেজিক পাৰ্টনাৰৰ সৈতে তেওঁলোকে কাম কৰিছে। বিভিন্ন আকৰ্ষণীয় চেক্টৰত বিনিয়োগ কৰি দুৰ্দান্ত ৰিটাৰ্ণ লাভ কৰে। কেকেআৰ অত্যন্ত ধৈৰ্যশীল তথা নিয়ম শৃংখলা পৰায়ণ ভাৱে নিজকে বিনিয়োগৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিছে।

About the author

+ posts