
অৱশেষত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল ২০খন বিচনাযুক্ত মিনি আইচিইউ সহ ১৫০খন বিচনাযুক্ত কোভিড–১৯ হাস্পতাল। আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, আঙুৰলতা ডেকা আৰু ডিম্বেশ্বৰ দাসক লগত লৈ দিনৰ প্ৰায় ১১ বজাত হাস্পতালখনৰ শুভ উদ্বোধন কৰে।
এই কাৰ্যসূচীত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা নগাঁও আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদ মেলৰ আয়োজন কৰি জনায় যে নগাঁৱৰ পৰা স্বাস্থ্য বিভাগে ৭২৯টা নমুনা কোভিড–১৯ পৰীক্ষাৰ বাবে লৈছিল। ইয়াৰে ৫০০ নমুনাৰ মাজৰ পৰা ৩টা পজিটিভ পোৱা গৈছে। ২২ মে’ৰ নিশা আৰু আৰু ১০০ নমুনাৰ ফলাফল পোৱা যাব।
আনহাতে, কোৰোণাত মৃত্যু হোৱা ব্যক্তিৰ শৰীৰৰ পৰা সংক্ৰমণ ঘটিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, মৃত শৰীৰৰ পৰা কোৰোণা বিয়পিব পাৰে বুলি মই নাভাৱো, কিন্তু তথাপিও স্বাস্থ্য বিভাগে দিয়া কফিনৰ পৰা মৃতদেহ বাহিৰ কৰা অনুচিত। ইয়াৰ পৰিৱৰ্তে পৰিয়ালৰ লোকে কফিনৰ সৈতেই মৃতদেহ সৎকাৰ কৰা উচিত।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা বৰ্ষৰ ভিতৰত যিকোনো প্ৰকাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাবৰ্ষ আৰম্ভ কৰা হ’ব আৰু এই মাহৰ ভিতৰতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ১০খন বিচনাযুক্ত ভেণ্টিলেটৰ সংযোজিত কৰা হ’ব। নগাঁও আৱৰ্ত ভৱনৰ পৰা নেহেৰুবালিত থকা কোৱাৰেণ্টাইন শিবিৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে এই সকলো কাৰ্যসূচীৰ উপৰি নগাঁও চহৰৰ আইন মহাবিদ্যালয় আৰু আৱৰ্ত ভৱন সংযোগী কলং নৈৰ ওপৰৰ দলঙৰো শুভ উদ্বোধন কৰে। গড়কপ্তানী বিভাগৰো দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্বই নগাঁও চহৰৰ উন্নয়নমূলক কাম-কাজৰ বাবে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক মুকলিকৈ প্ৰশংসা কৰি সংবাদ মাধ্যমক জনায়, কোৰোণাৰ বাবে ৰাজ্যৰ উন্নয়ন স্থবিৰ হ’বলৈ নিদিয়ে এইখন চৰকাৰে।
শীঘ্ৰেই নগাঁও চহৰত কলং নৈৰ ওপৰত আন তিনিখন দলঙৰো কাম সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰা মন্ত্ৰীগৰাকীয়ে লগতে কয় বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাৰ বাবেই নগাঁৱত এই উন্নয়নমূলক কাম-কাজ সমূহ বাস্তবায়িত হৈছে।