
২৫ মে’ৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা। এইবাৰ বিমান সেৱাৰ ক্ষেত্রত কোৰোণা ভাইৰাছৰ বাবে অনা হৈছে বিভিন্ন পৰিৱৰ্তন। বিশেষকৈ বিমানবন্দৰত সোমোৱাৰ সময়ত সামাজিক দূৰত্বৰ ওপৰত প্ৰদান কৰা হৈছে গুৰুত্ব। আনকি নিজৰ বেগ নিয়াৰ সময়তো যাত্ৰীসকলে মানিব লাগিব সামাজিক দূৰত্ব।
কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰা অনুসৰি, ঘৰুৱা বিমান যাত্ৰাৰ বাবে যাত্ৰীয়ে পৰিশোধ কৰিব লাগিব ন্যূনতম ৩৫০০ টকাৰ পৰা সৰ্বাধিক ১০ হাজাৰ টকা পৰ্যন্ত। এই নিৰিখ ৩ মাহৰ বাবেহে থাকিব। তিনিটা মাহৰ পিছত পুনৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰা হ’ব।বিমানৰ ভিতৰত নাথাকিব কোনো ধৰণৰ সমজিক দূৰত্ব। কিয়নো যাত্ৰীসকলৰ মাজৰ আসন খালী নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰসমূহৰ কৰ্তৃপক্ষই।
যোৱা দহটা দিনৰ পূৰ্বে ঘৰুৱা বিমান যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে। সকলো যাত্ৰীৰ বাবে আৰোগ্য এপ ডাউনলোড কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু সকলোকে স্বাস্থ্যপৰীক্ষা কৰিহে যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব বুলি তেওঁ কয়।
এই যাত্ৰাৰ সময়ত সকলো যাত্ৰীয়ে মাস্কৰ লগতে লগত ৰাখিব লাগিব ছেনিটাইজাৰ। যাত্ৰাৰ সময়ত কোনো খাদ্য সামগ্ৰী যোগান ধৰা নহয়। উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা দেশত বন্ধ হৈ আছে অন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱা।