এই ৰে’লৰ টিকট বুকিং আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব। এই ৰে’লৰ এডভাঞ্চ ৰিজাৰ্ভেচন পিৰিয়ড ৩০ দিনৰ হ’ব।

ভাৰতীয় ৰে’লৱেই ১ জুনৰ পৰা আৰম্ভ কৰিব ১০০খন নন–এচি ৰে’লৰ চলাচল। ৰে’লৱেৰ ফালৰ পৰা জনোৱা হৈছে যে ১০০খন নন–এচি ৰে’ল নিৰ্ধাৰিত সময় অনুসৰি চলিব। পূৰ্বৰে পৰা চলি থকা শ্ৰমিক স্পেচিয়েল ৰে’ল আৰু ১৫খন ৰাজধানী ৰে’লৰ উপৰি চলোৱা হ’ব এই ১০০খন ৰে’ল।

এই ৰে’লৰ টিকট বুকিং আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব। এই ৰে’লৰ এডভাঞ্চ ৰিজাৰ্ভেচন পিৰিয়ড ৩০ দিনৰ হ’ব। অৰ্থাৎ আপুনি ১ মাহৰ পূৰ্বে টিকট বুকিং কৰিব পাৰিব। এই ৰে’লসমূহত এচি আৰু নন এচি দুয়োধৰণৰ ডবা থাকিব। অৰ্থাৎ কম্পজিচন নিয়মীয়া ৰে’লৰ দৰেই হ’ব।

এই ১০০খন ৰে’লৰ ভিতৰত মুখ্যতঃ গোৰখপুৰৰ পৰা মুম্বাইলৈ যাবলগীয়া কুশীনগৰ এক্সপ্ৰেছ, লক্ষ্ণৌ মেইল, প্ৰয়াগৰাজ এক্সপ্ৰেছ, কোণাৰ্ক এক্সপ্ৰেছ, শিৱগংগা এক্সপ্ৰেছ, পুষ্পক এক্সপ্ৰেছ, শ্ৰম শক্তি এক্সপ্ৰেছ, তেলেংগানা এক্সপ্ৰেছ, হাওৰা–মুম্বাই মেইল, চম্পাৰণ সত্যাগ্ৰহ এক্সপ্ৰেছ, গোৰখধাম এক্সপ্ৰেছ আদি।

চাওক ১০০খন ৰে’লৰ তালিকা

Special Trains_100 Pairs by Saad Bin Omer on Scribd

এই ৰে’লসমূহৰ ভিতৰত অধিকসংখ্যক ৰে’ল দৈনিক চলিব, কিছুসংখ্যক ৰে’ল সপ্তাহত কেইবাদিনো চলিব। অমৃতসৰৰ পৰা পৰা নিউ জলপাইগুৰিলৈ যাবলগীয়া কৰ্মভূমি এক্সপ্ৰেছ আৰু আনন্দ বিহাৰৰ পৰা বাপুধান মতিহাৰীলৈ যাবলগীয়া সত্যাগ্ৰহ এক্সপ্ৰেছ সপ্তাহত এদিন চলিব।

About the author

+ posts