ছুপাৰ ছাইক্ল’ন আমফানক লৈ বঙাইগাঁও প্ৰশাসনৰ হাই এলাৰ্ট জাৰি৷ আজি নাগৰিকক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে প্ৰশাসনে। উল্লেখযোগ্য যে পশ্চিম অসমত আমফানৰ প্ৰভাৱ পৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সেয়ে জিলাখনত আমফানৰ প্ৰভাৱ পৰিলে হ’ব পৰা ক্ষয়–ক্ষতি যাতে হ্ৰাস কৰিব পৰা যায় তাৰ বাবে জিলাখনৰ লোকসকলক জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাবলৈ আহ্বান প্ৰশাসনৰ৷
সেইদৰে বাহিৰত যান-বাহন চলোৱা, ঘৰৰ বাহিৰত শিশু বা বয়োজ্যেষ্ঠ লোক, ঘৰচীয়া জীৱ-জন্তুৰ বিচৰণৰ ক্ষেত্ৰতো সাৱধান কৰি দিছে প্ৰশাসনে। কোনো লোককে বিদ্যুৎ পৰিবাহী খুটা, টেলিফোনৰ খুটা বা ভাগি পৰাৰ সম্ভাৱনা থকা নিৰ্মীয়মাণ কাৰ্যৰ তলত থাকিবলৈ মানা কৰা হৈছে৷
বিজুলী–ঢেৰেকনিৰ সময়ত বৈদ্যুতিক সামগ্ৰী আদি ব্যৱহাৰ ক্ষেত্ৰটো জাৰি কৰা হৈছে সাৱধানবাণী। বঙাইগাঁও জিলাৰ উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাত এই কথা কোৱা হৈছে৷ জৰুৰীকালীন পৰিস্থিতিত ০৩৬৬৪ ২৩১১৭১ বা ৭০৮৬৭৯৩৫০৭ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে জনসাধাৰণক।
