ক’ৰণা মহামাৰীয়ে মানৱ সভ্যতালৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ বৃহৎ পুঁজিপতিক সন্তুষ্ট কৰিবৰ বাবে অসমৰ ৮ খনকৈ উৎপাদনক্ষম তৈলক্ষেত্ৰ পুঁজিপতিক গতাই দিয়া কাৰ্যক বীৰ লাচিত সেনাই তীব্ৰ বিৰোধিতা কৰে আৰু অসম বিৰোধী এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰি বিজেপি চৰকাৰৰ অসম আৰু অসমীয়াৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰিবলৈ আহ্বান জনায় । ডিমুৱাল, চাংমাই গাওঁ,নাহৰহাবি, চফ্ৰাই, পানীদিহিং, দিচাংমুখ আৰু সোণাৰি এই কেইখন অধিক উৎপাদনক্ষম আৰু লাভজনক তৈলক্ষেত্ৰ ৰূপে বিবেচিত হৈ থকাৰ পাছতো পুঁজিপতিক দিয়াৰ কাৰ্য্যই অসমীয়া জাতিক অসন্তুষ্ট কৰিছে । খিলঞ্জীয়া অসমীয়াৰ আপোচবিহীন প্ৰতিবাদী সত্ত্বা হিচাপে বীৰ লাচিত সেনা অসমে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এই সিদ্ধান্তক অসমীয়াৰ স্বাৰ্থ বিৰোধী হঠকাৰী অদূৰদৰ্শী বুলি অভিহিত কৰাৰ লগতে ,চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰি অসমীয়া জাতীয় আৱেগক সন্মান কৰি অসম অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সদিচ্ছা প্ৰকাশ কৰিব লাগে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ।


বিশেষকৈ স্মাৰকপত্ৰখনত ৫ টা স্পষ্ট দাবী বীৰ লাচিত সেনা অসমে উত্থাপন কৰিছে –


১.অসমৰ ৮ খন তৈলক্ষেত্ৰ পুঁজিপতিক গতোৱাৰ বাবে লোৱা হঠকাৰী আৰু অসম বিৰোধী সিদ্ধান্ত বাতিল কৰক । ভৱিষ্যতেও অসমৰ কোনো তৈলক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ পৰা বিৰত থাকক।


২.পেট্ৰলিয়াম মন্ত্ৰনালয়ৰ অধীনত অসমত খালী হোৱা চাকৰি ১০০ % অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰক । আপোনাৰ বিভাগৰ অসমৰ প্ৰতিষ্ঠানসমূহৰ ঠিকাৰ সকলো কাম যাতে খিলঞ্জীয়া ঠিকাদাৰে পায় সেই কথা নিশ্চিত কৰক।


৩.অসমৰ নিৱনুৱাসকলক আপোনাৰ মন্ত্ৰনালয়ৰ অধীনত অসমত বিভিন্ন কৰ্মসংস্হাপন দিয়াৰ ব্যৱস্থা কৰক ।


৪.অসম চৰকাৰে আপোনাৰ মন্ত্ৰনালয়ৰ পৰা ৰয়েলিটিৰ বাবে পাব লগা বকেয়া টকা অতিশীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক।


৫.অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আপোনাৰ বিভাগে অসমীয়া শিল্পী সাহিত্যিক, সাংবাদিকসকললৈ পৃষ্ঠপোষকতা আগবঢ়াওক।

About the author

+ posts