
কোৰোণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যত সম্প্ৰতি বহুচৰ্চিত বিষয়টো হৈছে পি এম কিষান নিধিৰ ধন লুণ্ঠন৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম কিষাণ নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকক সাহায্য দিয়াৰ উদ্দেশ্য কৃষক সকলৰ একাউণ্টত ২ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও প্ৰকৃত কৃষকসকল এই ধন লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ বিপৰীতে একাংশ ভুৱা কৃষকৰ নাম সন্নিৱিষ্ট হৈছে তালিকাত৷
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথতো পি এম কিষাণ নিধিৰ ধন বিতৰণৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ এক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ পি এম কিষাণ নিধিৰ হিতাধিকাৰীৰ নাম অনলাইনযোগে এন্ট্ৰি কৰা ৪০জন কম্পিউটাৰ অপাৰেটৰে কৃষি বিষয়াই নজনাকৈ অবৈধভাৱে ৫০০ ভুৱা কৃষকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছিল৷ নিজৰ নামৰ লগতে বন্ধু-বান্ধৱ, আত্মীয়-কুটুমৰ নাম ভৰাইছিল তালিকাত৷ এইসকল ভুৱা কৃষকৰ নাই কোনো খেতিপথাৰ আৰু অধিকাংশৰে ঘৰ চহৰ অঞ্চলত৷
আনকি মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰৰ নামো সোমাইছে তালিকাত৷ বিশ্বনাথ জিলা কৃষি বিষয়াই জানিবলৈ দিয়া অনুসৰি বিগত বৰ্ষৰ ফেৱ্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে আঁচনিখন শুভাৰম্ভ কৰিবলৈ আগবঢ়াৰ সময়ত কৃষি বিভাগৰ কৰ্মচাৰীসকল এন আৰ চিত কৰ্মৰত হৈ আছিল আৰু সেইবাবেই তদানীন্তন উপায়ুক্তগৰাকীৰ লগত আলোচনা কৰি এন আৰ চিৰ ডাটা এন্ট্ৰি অপাৰেটৰসকলক পি এম কিষাণৰ হিতাধিকাৰীৰ নাম অনলাইন এন্ট্ৰিৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু এজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিলে ৫ টকাকৈ লাভ কৰিছিল এজন অপাৰেটৰে৷
জিলা উপায়ুক্তৰ কাৰ্যালয়তে কম্পিউটাৰ অপাৰেটৰসকলে হিতাধিকাৰীৰ নাম অনলাইনযোগে চৰকাৰী ৱেব পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ কাম কৰিছিল৷ কিন্তু বিভাগীয় বিষয়াৰ অগোচৰে অতি কৌশলৰে ৫০০ ভুৱা কৃষকৰ নাম তালিকাত সন্নিৱিষ্ট কৰিলে ৪০জন ডাটা এন্ট্ৰি অপাৰেটৰে৷ ইমানেই কৌশল অৱলম্বন কৰিছিল যে ভুৱা কৃষকসকলৰ প্ৰকৃত ঠিকনা নিদি আন গাঁও বা পঞ্চায়তৰ ঠিকনাত তেওঁলোকৰ নাম ভৰোৱা হৈছিল৷
দিনত এন আৰ চিৰ কাম কৰাৰ বাবে বিয়লিৰ পৰা মাজনিশালৈকে পি এম কিষাণ নিধিৰ ডাটা এন্ট্ৰিৰ কাম কৰিছিল কম্পিউটাৰ অপাৰেটৰসকলে৷ নিয়ম অনুসৰি হিতাধিকাৰী নিৰ্বাচন কৰাৰ পূৰ্বে চক্ৰ বিষয়াৰ কাৰ্যালয়ে তেওঁ প্ৰকৃত কৃষক হয়নে নহয়, খেতি মাটি কিমান আছে আদি সকলো পৰীক্ষা কৰি প্ৰমানপত্ৰ প্ৰদান কৰে যদিও এই ভুৱা কৃষকসকলৰ নাম সন্নিৱিষ্ট কৰোতে মনা নহ’ল কোনো চৰকাৰী নীতি–নিয়ম৷
আনকি প্ৰ-পত্ৰ পূৰণ নকৰাকৈয়ে এই লোক সকলৰ নাম তালিকাত সন্নিবিষ্ট কৰাৰ বাবে কৃষি বিভাগৰ হাততো নাই প্ৰকৃত তথ্য৷ শেহতীয়াকৈ এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে কৃষি বিভাগে পুনৰীক্ষণৰ কাম আৰম্ভ কৰি বিচাৰিছে এই ভুৱা কৃষকসকলৰ৷ আনহাতে, সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে কেইবাগৰাকীও ডাটা এন্ট্ৰি অপাৰেটৰে নিজৰ ভুল স্বীকাৰ কৰি কৃষি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে কাৰ কাৰ নাম অবৈধভাৱে তালিকাত সন্নিৱিষ্ট কৰিছিল সকলো তথ্য প্ৰকাশ কৰিছে ৷
উল্লেখযোগ্য যে বিশ্বনাথ জিলাত ৪৪৬২৫জন কৃষকক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এতিয়া পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ৩৪১৭জনক ভুৱা কৃষক হিচাবে চিনাক্ত কৰা হৈছে৷ ইয়াৰে ৫০০ জন ভুৱা কৃষকৰ নাম অবৈধভাৱে অন্তৰ্ভুক্ত কৰিছিল কম্পিউটাৰ অপাৰেটৰসকলে৷
ইফালে, এন আৰ চিৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ লগত জড়িত এইসকল কম্পিউটাৰ অপাৰেটৰে এনেদৰে অসত্যৰ আশ্ৰয় লৈ ভুৱা কৃষকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ পিছত এন আৰ চি ৰ কামতো জালিয়াতি কৰিছে নেকি এতিয়া সকলোৰে মনত এই প্ৰশ্ন উদয় হৈছে৷