তিনিচুকীয়া জিলাৰ ডাঙৰী গাঁৱত তিনিজন মানসিক ৰোগীৰ সৈতে ফুকন দাস নামৰ পৰিয়ালটিয়ে অনেক কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছিল। পৰিয়ালটোৰ ৫০ বছৰীয়া বিনন্দ দাস ,৪৫ বছৰীয়া পুস্পলা দাস আৰু ২৪ বছৰীয়া অংকুৰ দাস মানসিক ভাৱে ৰোগাক্ৰান্ত হৈ আছিল । ১৯ মে’ অৰ্থাৎ কালি নাজিৰাৰ মানৱ দৰদী স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰ ছ’চাইটিয়ে এই মানসিক ৰোগী কেইজনক চিকিৎসাৰ দায়ীত্ব লৈ ঘৰৰ পৰা লৈ আহে।
এই স্বেচ্ছাসেৱী সংগঠন টোৱে অসমৰ ভিন্ন অঞ্চলৰ হাজাৰৰো অধিক মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি আহিছে । সংগঠনটোৰ সঞ্চালক নাছেৰ খানৰ নেতৃত্বত অহা আঠজনীয়া দলটোক ডাঙৰী গাওঁৰ ৰাইজে ফুলাম গামোচাৰে আদৰণি জনায়। এই মানসিক ৰোগীসকলক ঘৰৰ পৰা আনিবলৈ যোৱা মূহুৰ্তত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকে আৰু তেওঁ এই মহৎ কাৰ্য্যক প্ৰশংসা কৰাৰ লগতে এনেদৰেই সমাজৰ হকে কাম কৰি যাবলৈ সংগঠনটোক আহ্বান জনায় সংগঠনটোক ১৫০০০ টকাৰে সহায়ৰ হাত আগবঢ়ায়। সেইসময়ত বিধায়ক বলিন চেতিয়াৰ সৈতে ভালেকেইগৰাকী দলীয় নেতা উপস্থিত থাকে।