পূৰ্বানুমান মতেই দুপৰীয়া আঢ়ৈ বজাত উপকূলীয় এলেকাত আচাৰি খাই পৰিল ছুপাৰ চাইক্লন ‘আমফান’। এই প্ৰকোপ ৪ঘণ্টা ধৰি চলিব।

অৱশেষত আহিল সেই দুঃসময়! আৰম্ভ হৈ গ’লে চুপাৰ চাইক্লন আমফানৰ লেণ্ডফল। পূৰ্বানুমান মতে দুপৰীয়া প্ৰায় আঢ়ৈ বজাত উপকূলীয় এলেকাত আমফানৰ প্ৰকোপ আৰম্ভ গৈ গ’ল। এই প্ৰকোপ চাৰিঘণ্টা ধৰি চলাৰ আশংকা। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা ঘূৰ্ণীবতাহৰ মেঘৰ আচ্ছাদন পশ্চিম বংগৰ দক্ষিণ উপকূলত আচাৰ খাই পৰিছে। দূৰন্ত গতিত স্থলভাগৰ ভিতৰত প্ৰৱেশ কৰিছে।

ঘূৰ্ণীবতাহজাকৰ কেন্দ্ৰত গতিবেগ ঘণ্টাত ১৭–২০ কিলোমিটাৰ। থলভাগত খুন্দা মৰাৰ সময়ত বতাহৰ গতি ১৮০কিলোমিটাৰ প্ৰতি ঘণ্টা। আবেলি চাৰি বজাৰ পৰা আৰম্ভ হৈছে সাগৰৰ প্ৰচণ্ড জোৱাৰ। ৰাতি প্ৰায় ৯বজাত জোৱাৰ সৰ্বোচ্ছ হ’ব। যদি এই জোৱাৰৰ সৈতে আমফানে জোৰা পাতে তেনেহ’লে পৰিণাম অতি ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। সন্ধিয়া ৫বজাত দক্ষিণ ২৪ পৰগণাৰ কেওৰাখালিত সোমাব আমফান। এই মুহূৰ্তত দীঘাৰ পৰা মাত্ৰ ৬৫কিলোমিটাৰ নিলগত আমফান। সাগৰৰ পৰা মাত্ৰ ৩৫কিলোমিটাৰ নিলগত ঘূৰ্ণীবতাহজাক। কলকাতাত ঘূৰ্ণীৰ গতি ৭০ কিলোমিটাৰ প্ৰতি ঘণ্টাত।

উল্লেখযোগ্য যে অসমৰ প্ৰান্তত, ছিকিম, মেঘালয়ত কাইলৈ আমফানৰ প্ৰভাৱত প্ৰৱল বৰষুণৰ পূৰ্বানুমান কৰা হৈছে। কাছাৰত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে।

About the author

+ posts