
এতিয়া চিকিৎসালয়লৈ নোযোৱাকৈ ঘৰতে বহি বঙাইগাঁওবাসীয়ে কৰিব পাৰিব কোভিড–১৯ৰ পৰীক্ষা৷ কিয়নো বঙাইগাঁও জিলা প্ৰশাসনে প্ৰদান কৰিছে এক বিশেষ সুবিধা৷ এতিয়াৰে পৰা বঙাইগাঁওবাসী ৰাইজে ঘৰতে বহি কৰিব পাৰিব কোভিড–১৯ৰ পৰীক্ষা৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ প্ৰচেষ্টাত জিলা প্ৰশাসনে নতুনকৈ সাজি উলিয়াইছে এখন অত্যাধুনিক সা–সুবিধাযুক্ত কোভিড–১৯ ছেম্পল কালেকশ্যন ভেন।
বাহনখনৰ সহায়ত প্ৰশাসনে ঘৰে ঘৰে গৈ ৰাইজৰ পৰা নমুনা সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ স্বাস্থ্যকৰ্মীৰ দলে ঘৰত গৈ ৰাইজৰ নমুনা সংগ্ৰহ কৰিব৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলক নিজ গাঁও আৰু ৱাৰ্ডতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে৷ এনেক্ষেত্ৰত চিকিৎসালয়লৈ নহাকৈয়ে বাহিৰৰ পৰা আহি কোৱাৰেণ্টাইন হৈ থকা এইসকল লোকৰ পৰা প্ৰশাসনে নমুনা সংগ্ৰহ কৰিব৷
বাহনখনৰ ভিতৰত বহি স্বাস্থ্যকৰ্মীয়ে নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰিছে৷ বাহনখনৰ পিছফালে থকা গ্লাছৰ দুটা ফুটাৰে গ্লোভছসহ হাত দুখন উলিয়াই স্বাস্থ্যকৰ্মীয়ে বিভিন্নজনৰ পৰা নমুনা সংগ্ৰহ কৰিব পাৰে৷ এই কামৰ বাবে স্বাস্থ্য কৰ্মীজন পিপিই কীট ব্যৱহাৰ নকৰিলেও হ’ব৷ দেওবাৰে নিশা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে বাহনখন ৰাইজৰ সেৱাত মুকলি কৰে৷ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই পৰীক্ষামুলকভাৱে এই সেৱা মুকলি কৰা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত ইয়াক বহল ভিত্তিত জিলাখনক সম্পূৰ্ণ সামৰি লোৱা হ’ব বুলি জানিবলৈ দিয়ে৷