বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে তথ্য।

বংগোপ সাগৰত উৎপত্তি হোৱা আমফান ঘূৰ্ণী বতাহক ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ‘চুপাৰ চাইক্লন’ আখ্যা দিয়াৰ লগতে এলাৰ্ট জাৰি কৰা হৈছে পশ্চিমবংগ আৰু ওড়িশাত। ওড়িশাৰ উপকূলীয় জিলাসমূহত হালধীয়া এলাৰ্ট জাৰি কৰাৰ লগতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অধিক সকীয়নি প্ৰেৰণ কৰিছে পশ্চিমবংগত। কাইলৈ পৰ্যন্ত ৰাজ্যখনত ঘণ্টাত ১৮০কিলোমিটাৰ বেগত আমফানে খুন্দা মৰাৰ আশংকা আৰু বিস্তৰ ক্ষয়–ক্ষতিৰ পূৰ্বানুমান কৰা হৈছে। ইতিমধ্যে ৭–৮লাখ লোকক উপকূলীয় ঠাইৰ পৰা সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

স্বাভাৱিকতে প্ৰশ্ন উঠিছে এই চুপাৰ চাইক্ল’ন আমফানৰ কি প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৱত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই ঘূৰ্ণীবতাৰ প্ৰভাৱ অসম তথা  উত্তৰ পূৰ্বাঞ্চলত নপৰে যদিও  অহা ২১ মে’ত অসমৰ পশ্চিম প্ৰান্তৰ কিছু ঠাইৰ লগতে মেঘালয়ৰ কিছু ঠাইত বিজুলী ধেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভৱনা। এই আগজাননী সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

About the author

+ posts