আগন্তুক ২৪ঘণ্টা দেশৰ কমেও ৭লাখ মানুহৰ কাৰণে অতি আশংকাপূৰ্ণ! কাৰণ ঘুৰ্ণীবতাহ ‘আমফান’। পশ্চিম বংগ–ওড়িশাৰ উপকুলীয় এলেকাত ঘূৰ্ণীবতাহক লৈ বতৰ বিজ্ঞান বিভাগে এলাৰ্ট জাৰি কৰিছে। মাছমৰীয়া সকলক সাগৰত নানামিবলৈ পৰামৰ্শ দিয়া হৈছে। দক্ষিণ–পূৱ বংগোপসাগৰত সৃষ্টি হোৱা চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰেই (১৭মে’)ত বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ আমফান তীব্ৰ গতিৰে আগবঢ়াৰ কাৰমে পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় এলেকাত এলাৰ্ট জাৰি কৰিছিল।
ওড়িশাত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে। ভুৱনেশ্বৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক এচ আৰ বিশ্বাসে কয় যে বংগোপসাগৰত যি ধুমুহাৰ সৃষ্টি হৈছে সেয়া আগন্তুক ১২ঘণ্টাত অধিক তীব্ৰতৰ হ’ব। ১৮মে’ অৰ্থাৎ সোমবাৰে এয়া গুৰুতৰ ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব। এই সময়চোৱাত প্ৰৱল বৰষুণৰ লগতে জোৰেৰে বতাহ বলাৰ আশংকা কৰা হৈছে। মাছমৰীয়াসকলক ইতিমধ্যে এলাৰ্ট কৰা হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ঘূৰ্ণীবতাহ আমফানৰ কাৰণে উপকূলীয় ওড়িশাত ১৮মে’ত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে। ঠায়ে ঠায়ে মূষলধাৰ বৰষুণ হোৱাৰো আশংকা কৰা হৈছে। লগতে আন্দামান–নিকোবৰ দ্বীপপুঞ্জ সহ বহু ঠাইত মূষলধাৰ বৰষুণ হ’ব পাৰে। ঘূৰ্ণীবতাহৰ কাৰমে বেছিভাগ উপকূলীয় ৰাজ্যত বৰষুণ হ’ব পাৰে।
ঘূৰ্ণীবতাহ আমফানৰ আশংকাৰ কাৰণে এনডিআৰএফৰ টীম এলাৰ্ট হৈ আছে। এনডিআৰএফৰ ডিজিয়ে দেওবাৰে জনায় যে, ওড়িশাত ১০টা দল পঠিওৱা হৈছে। ইয়াৰ লগতে পৰিস্থিতিৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হৈছে।
১৮মে’ৰ পৰা ২০মে’ৰ ভিতৰত অতি প্ৰচণ্ড ৰূপ ল’ব পাৰে আমফানে। ইতিমধ্যে ওড়িশাৰ স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। উপকূলীয় এলেকাৰ বহুকেইখন গাওঁ খালী কৰোৱা হৈছে। কোৱা হৈছে যে, ওড়িশাত যি শ্ৰমিক স্পেচিয়েল ট্ৰে’ন চলোৱা হৈছে সেইসমূহ ঘুৰাই পঠিওৱা হ’ব। পশ্চিমবংগ তথা ওড়িশাত ইতিমধ্যে এনডিআৰএফৰ ১৭টা দল প্ৰেৰণ কৰা হৈছে।
আমফানক লৈ পুনৰ ভয়াৱহ ‘আইলা’ৰ দুঃস্মৃতি চৰ্চালৈ আহিছে। ঘণ্টাত ১৯০কিলোমিটাৰ বেগত আহি আছে আমফান। উল্লেখ্য যে, উত্তৰ পূৱৰো ঠাইবিশেষে প্ৰভাৱ পৰিব পাৰে আমফানৰ।