কোৰোণাৰ সংকটৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ গাইডলাইন জাৰি কৰিছে। আজিৰে পৰা ৩১ মে’লৈ চলিব চতুৰ্থ পৰ্যায়ৰ লকডাউন। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত বহু শিথিলতা অনা হৈছে। এই সংকটৰ মাজতে দেশক এক নতুন গতি প্ৰদানৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু বিভিন্ন ক্ষেত্ৰত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়তো অব্যাহত প্ৰতিবন্ধকতা। কি কি কাম কৰিব নোৱাৰিব চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজত চাওক আহক।
>> লেট নাইট আউটিং, পাৰ্টী বা ড্ৰাইভিঙৰ পৰিকল্পনা আছে যদি সলনি কৰক। কিয়নো সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ওলাব নোৱাৰিব ঘৰৰ পৰা।
>> বয়োজ্যেষ্ঠ, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশু ঘৰৰ পৰা ওলাব নোৱাৰিব। এই লোকসকলৰ দেহত কোৰোণাৰ সংক্ৰমণৰ সম্ভাৱনা সৰ্বাধিক।
> যদি আপুনি ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা ভাৱিছে, সেয়া এতিয়া সম্ভৱ নহ’ব। লকডাউন ৪.০তো সকলো ধৰণৰ ঘৰুৱা–আন্তঃৰাষ্ট্রীয় বিমান বন্ধ থাকিব।
> ১৮ৰ পৰা ৩১ মে’লৈকে আপুনি ৰে’ল যাত্ৰাও কৰিব নোৱাৰিব, কিয়নো সকলো ধৰণৰ ৰে’লসেৱা বন্ধ থাকিব চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়তো। কেৱল শ্ৰমিক স্পেচিয়েল আৰু স্পেচিয়েল ৰে’লহে চলাচল কৰিব এই সময়ছোৱাত।
> ৩১ মে’লৈ দিল্লীসহ আন চহৰতো বন্ধ থাকিব মেট্ৰ’সেৱা।
> ৰেস্তোঁৰা, বাৰ, পাব আৰু কফি শ্ব’পত বন্ধুৰ সৈতে পাৰ্টীৰ পৰিকল্পনা বনাইছিল যদি বাতিল কৰক। বৰ্তমান সকলো ৰেস্তোঁৰা, বাৰ, পাব আৰু কফি শ্ব’প বন্ধ থাকিব। কেৱল হোম ডেলিভাৰীৰ সুবিধা লাভ কৰিব।
> বৰ্তমান জিমলৈও আহিব নোৱাৰিব আপুনি। ৩১ মে’লৈ বন্ধ থাকিব সকলো জিম।
> শ্বপিঙৰ আশাও বাদ দিয়ক আপুনি, কিয়নো গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, ৩১ মে’লৈ সকলো শ্ব’পিং মল খোলা নহ’ব।
> স্কুল, কলেজৰ ছাত্ৰ–ছাত্ৰীসকলে ঘৰতে থাকি পঢ়া–শুনা কৰক। কিয়নো বৰ্তমান কোনো স্কুল–কলেজ আৰু কোচিং চেণ্টাৰ খোলা নহ’ব।
> ৩১ মে’লৈ বন্ধ থাকিব মন্দিৰ, মছজিদ, গিৰ্জা, গুৰুদ্বাৰ সকলো বন্ধ থাকিব।
>> লকডাউনৰ মাজত বন্ধুৰ বিয়া আছে নেকি। সাৱধান হওক। কিয়নো বিয়াৰ অনুষ্ঠানত ৫০জনতকৈ অধিক লোক থাকিব নোৱাৰিব লকডাউনৰ সময়ত।