এই দুৰ্নীতিক লৈ কৃষি মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ঘোষণা কৰিছে তদন্ত৷

সমগ্ৰ বিশ্বত কোৰোণাৰ আতংক৷ তাৰ মাজতে দীৰ্ঘদিনীয়া লকডাউন ব্যৱস্থাই জীৱন নচলা কৰিছে ৰাজ্যৰ লক্ষ লক্ষ কৃষকৰ৷ সেয়ে কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম কিষাণ নিধিৰ তৰফৰ পৰা প্ৰতিগৰাকী কৃষকক সাহায্য দিয়াৰ পদক্ষেপ লৈছিল ৷ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ২ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল৷ পিছে, প্ৰকৃত কৃষকক বঞ্চিত কৰি একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া–আমোলাই কৃষিকৰ্মৰ সৈতে সম্পৰ্ক নথকা একাংশ লোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল হিতাধিকাৰীৰ তালিকাত৷

এই দুৰ্নীতিৰ আঁৰত কৃষি বিভাগৰ জিলা পৰ্যায়ৰ বিষয়া জড়িত থকাৰ অভিযোগ কৰি দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰিলে একত্ৰিত যুৱ মঞ্চই৷ সোমবাৰে সংগঠনটোৱে দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰে এক অভিযোগ পত্ৰ৷ এইক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাত ভুৱা কৃষকৰ এক বৃহৎ তালিকাও দাখিল কৰে৷

এই দুৰ্নীতিক লৈ কৃষি মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ঘোষণা কৰিছে তদন্ত৷ একাউণ্টত নাম সোমোৱা একাংশই কৃষক অবিহনে লাভ কৰিছিল চৰকাৰী ধন৷ এইক্ষেত্ৰত জিলা কৃষি বিষয়াক তদন্তৰ আওতালৈ আনিলে সকলো স্পষ্ট হ’ব বুলি দাবী কৰিছে একত্ৰিত যুৱ মঞ্চই৷

উল্লেখ্য যে দুৰ্নীতি নিবাৰক শাখাই কৃষি বিভাগৰ এই ভয়ংকৰ দুৰ্নীতিৰ সঠিক তদন্ত কৰিলে পূৰ্বৰ বহু দুৰ্নীতি পোহৰলৈ আহিব৷ বিশেষকৈ ৰাজ্যৰ কৃষকৰ উন্নয়নৰ বাবে বাৰ্ষিক প্ৰদান কৰা বীজ তথা সাৰ কেলেংকাৰী৷ সময়ে সমযে কৃষকলৈ প্ৰদান কৰা সাৰ, বীজ প্ৰকৃতে একে একাংশ মধ্যভোগীয়ে আত্মসাৎ কৰা ভয়ংকৰ তথ্য ওলাই পৰিব।

About the author

+ posts