
প্ৰত্যেকজন কৃষকক লকডাউনৰ সময়ত সকাহ দিবলৈকে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৷ এই আঁচনিৰ জৰিয়তে তিনিটা কিস্তিত কৃষকে লাভ কৰিব ২ হাজাৰ টকাকৈ মুঠ ৬ হাজাৰ টকা ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই আঁচনি ৰূপায়ণৰ নামত ৰাজ্যত চলিল ব্যাপক দুৰ্নীতি৷ ভুৱা হিতাধিকাৰীয়ে হৰপ কৰিলে প্ৰাপ্য হিতাধিকাৰীৰ ধন৷ যাক লৈ ক্ষুন্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তদন্তৰ৷ পুণৰীক্ষণৰ দায়িত্ব দিছে জিলা উপায়ুক্ত সকলক৷
পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আঁচনিৰ ধন মোকলাই নিদিয়াৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷ পি এম কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ দিশত সংঘটিত হোৱা বিসংগতিৰ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্বভাৰ অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
উক্ত তদন্তত বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুত কৰা তথা ইয়াৰ দায়িত্বত থকা বিষয়া তথা অন্যান্যসকলক জবাহদিহি কৰা ইত্যাদি সকলো দিশ সামৰি লোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে৷ এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷