সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ মতে, লকডাউনৰ চতুৰ্থ পৰ্যায়ত ৰাজহুৱা পৰিবহনত কিছু শিথিলতা প্ৰদান কৰা হ’ব পাৰে।

নতুন দিল্লীঃ সমগ্ৰ দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে ২৫মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছিল। ৪মে’ৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউন দেওবাৰে সমাপ্ত হ’ব। ধাৰণা কৰা হৈছে যে এইবাৰ লকডাউন বৃদ্ধি কৰা নহয় কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে লকডাউন 4.0 (Lockdown 4.0) হ’ব আৰু এয়া কিছু নতুন ধৰণৰ হ’ব। সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ মতে এই লকডাউনো বিগতবাৰৰ দৰেই দুসপ্তাহৰ কাৰণে বৃদ্ধি কৰা হ’ব। লকডাউনৰ এই পৰ্যায়ত কিমান আৰু কি কি শিথিলতা প্ৰদান কৰা হ’ব সেয়া শীঘ্ৰেই গৃহ মন্ত্ৰালয়ে জনাব।

সূত্ৰমতে, লকডাউনৰ চতুৰ্থ পৰ্যায়ত ৰাজহুৱা পৰিবহনৰ মাধ্যমক কিছু ৰেহাই দিয়া হ’ব পাৰে। এই পৰ্যায়ত অট’, কেব, বাছসেৱাক অনুমতি প্ৰদান কৰা হ’ব পাৰে। অৱশ্যে কনটেইনমেণ্ট জ’নত পূৰ্বৰ দৰে প্ৰতিবন্ধকতা অব্যাহত থাকিব। লগতে চতুৰ্থ পৰ্যায়ত ই–কমাৰ্চৰ দ্বাৰা অনা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানত অনুমতি প্ৰদান কৰা হ’ব পাৰে।

লকডাউনৰ এই চতুৰ্থ পৰ্যায়ত স্কুল–কলেজ, মলসমূহ খোলা নহয় কিন্তু চেলুন আদিক জ’নৰ ভিত্তিত খোলাৰ অনুমতি প্ৰদান কৰা হ’ব পাৰে। অৱশ্যে কনটেইনমেণ্ট জ’নত বাধা–নিষেধ থাকিব। সেইদৰে নন কনটেইনমেণ্ট জ’নত অফিচলৈ যোৱা লোকৰ সংখ্যা ৩৩শতাংশৰ পৰা বঢ়াই ৫০শতাংশ কৰা হ’ব পাৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত উল্লেখ কৰিছিল যে বিজ্ঞানীসকলৰ মতে আমি কোৰোণা ভাইৰাছৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰিব লাগিব। মাস্ক, ছচিয়েল ডিচটেনচিঙৰ ওপৰত গুৰুত্ব দিব লাগিব।

এজন উচ্চ পদস্থ চৰকাৰী বিষয়াৰ মতে, লকডাউনৰ চতুৰ্থ পৰ্যায়ত পূৰ্বতকৈ অধিক শিথিলতা প্ৰদান কৰা হ’ব। এই পৰ্যায়ত গ্ৰীণ জ’ন সম্পূৰ্ণ খুলি দিয়া হ’ব, অ’ৰেঞ্জ জ’নত কম প্ৰতিবন্ধকতা থাকিব আৰু ৰেড জ’নৰ নিষিদ্ধ ক্ষেত্ৰত অতি কঠোৰ প্ৰতিবন্ধকতা থাকিব।

About the author

+ posts