ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৩১ মে’লৈকে ল’ক ডাউন বৃদ্ধিৰ নিৰ্দেশনাা জাৰি কৰিছে। ইতিমধ্যে কৰ্ণাটক চৰকাৰে পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ৩১ মে’লৈকে ল’ক ডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে।
দেশৰ চতুৰ্থ পৰ্যায়ৰ ল’ক ডাউনত কি কি দিশত শিথিলতা থাকিব সেইলৈ অতি শীঘ্ৰে নতুন গাইড লাইন জাৰি কৰিব গৃহ বিভাগে। সেই সম্বন্ধে আজি নিশা ৯ বজাত ৰাজ্যসমূহৰ সৈতে এক বৈঠকতো ভাগ ল’ব। বৈঠকত ৰাজ্যসমূহৰ মুখ্য সচিব, ডিজিপি উপস্থিত থাকিব।
জানিব পৰা মতে, কোণ্টেইনমেণ্ট জ’নক বাদস দি আন ঠাইৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৩৩ শতাংশৰ ঠাইত ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থকাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে।
লগতে স্কুল, কলেজ, শ্বপিং মল আদি খোলাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা নাই, তথাপিও চেলুন আদি বিবেচনাৰ ভিত্তিত গ্ৰীণ জ’নত খোলাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে।